সম্পাদনা মেজ

ৰাভাৰ আভা

asomiyapratidin

বিশ্বায়ন আৰু সৰ্বভাৰতীয় ৰাষ্ট্ৰীয়তাবাদে অসমীয়াৰ দৰে ক্ষুদ্ৰ জাতিসত্তাৰ অস্তিত্বৰ প্ৰতি সংকট নমাই অনা এই দুৰ্দিনত বিষ্ণুপ্ৰদাস ৰাভাৰ চিন্তা-চৰ্চা পুনৰ প্ৰাসংগিক হৈ পৰিছে। ইতিমধ্যে ভাৰতীয় শাসকগোষ্ঠীৰ দ্বাৰা নিয়ন্ত্ৰিত মূলসুঁতিত জাতিৰ নেতৃত্বদায়ী মধ্যবিত্ত সমাজখন বিলীন হৈ পৰিছে যদিও প্ৰান্তীয় তথা অৱহেলিত জনগোষ্ঠীবোৰৰ জীৱন-জীৱিকাৰ সামাজিক সুৰক্ষাৰ প্ৰশ্নটোৱে ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ কৰিছে।

ক্ষমতাকেন্দ্ৰিক ৰাজনীতিয়ে বৃহত্তৰ অসমীয়া সমাজখনত এক ভাঙোনমুখীন প্ৰক্ৰিয়াৰ সূচনা কৰিছে। বিশাল জাতীয় জীৱনৰ ক্ৰমবিকাশৰ বিভিন্ন স্তৰত যিবোৰ প্ৰব্ৰজিত জনগোষ্টীয়ে নিজকে ইমানদিনে অসমীয়া বুলি চিনাকি দি আহিছিল, তেওঁলোকৰ গোষ্ঠীগত পৰিচিতিক লৈও সম্প্ৰতি প্ৰশ্ন উত্থাপন কৰা হৈছে।

নিশ্চিতভাৱে ই সৰ্বভাৰতীয় ৰাজনৈতিক আগ্ৰাসন আৰু আৰ্থ-সামাজিক দমন-নিপীড়নৰ অৱশ্যম্ভাৱী প্ৰতিক্ৰিয়া। ক্ষয়িষ্ণু মধ্যবিত্তীয় মানসিকতা আৰু বিধ্বস্ত গ্ৰাম্য জীৱনৰ চাকনৈয়াত আজি জাতীয় পৰিচয়ো বিপৰ্যয়ৰ সন্মুখীন হৈছে। সামগ্ৰিকভাৱে পুঁজিবাদী শোষণমূলক শাসন ব্যৱস্থাই এহাতে যেনেকৈ থলুৱা ভাষা-সংস্কৃতিৰ সুস্থ বিকাশৰ পথ ৰুদ্ধ কৰি তুলিছে তেনেকৈ আৰ্থ-সামাজিক বৈষম্যৰ চিকাৰ হৈ পৰিছে সাধাৰণ শ্ৰমজীৱী লোকসকল।

বিষ্ণুপ্ৰদাস ৰাভাই তাহানিতে যি অসমীয়া চহা-খেতিয়কৰ কথা কৈছিল আজি তেওঁলোকৰ হাতৰ পৰা কৃষিভূমি কুক্ষিগত হৈছে বহিৰাগত বণিক গোষ্ঠীৰ হাতলৈ। অসমৰ দুৰ্গম জনজাতীয় এলেকাতো আজি বহুজাতিক গোষ্ঠীয়ে শ শ বিঘা কৃষিভূমি ক্ৰয় কৰি বৃহৎ ব্যৱসায় আৰম্ভ কৰিছে। ইফালে বিস্তীৰ্ণ চৰাঞ্চলৰ দৰিদ্ৰ কৃষক ৰাইজেও এতিয়া গোষ্ঠীগতভাৱে পৰিচয়হীনতাত ভুগিবলগীয়া হৈছে। সেইদৰে চাহ জনগোষ্ঠীয় সমাজো সৰ্বভাৰতীয় শাসক দলৰ ৰাজনৈতিক হাতোৰাৰ বলি হৈছে।

এনে অৱস্থাতে ধৰ্ম-ভাষাৰ নামত বৃহত্তৰ অসমীয়া সমাজখনত চক্ৰান্তমূলকভাৱে বিভাজনৰ ৰাজনীতিৰ বীজ ছটিয়াই দিয়া হৈছে। সাম্প্ৰদায়িকতাৰ ভেদাভেত আৰু কৰ্প'ৰেটনিৰ্ভৰ অৰ্থনীতিৰ চেপাত জাতিৰ এতিয়া প্ৰায় লাওলোৱা অৱস্থা। তথাপি আমি এই কথা স্বীকাৰ কৰিব লাগিব যে অসমৰ জাতীয় জীৱনৰ সৈতে গভীৰভাৱে সম্পৃক্ত এজন অন্যতম মনীষী হ'ল বিষ্ণুপ্ৰসাদ ৰাভা।

তেওঁৰ ৰাজনৈতিক চিন্তা-চৰ্চা আৰু সাংস্কৃতিক কৰ্মৰাজিয়ে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক ইতিবাচক গতি প্ৰদান কৰিছে। সেয়ে বিষ্ণু ৰাভাই কুৰি শতিকাতে জাতিৰ হকে কৈ যোৱা কথাবোৰ আজিও প্ৰাসংগিক। অসমত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ আশা-আকাংক্ষাৰ সোপানস্বৰূপ ৰাভাৰ যি সাংস্কৃতিক অৱদান তাক অনুসৰণ কৰি নতুন প্ৰজন্ম আগবাঢ়িলে শাসক-শোষকৰ সকলো চক্ৰান্ত বিফল হ'বলৈ বেছিপৰ নালাগিব।