সম্পাদনা মেজ

পাকিস্তানৰ ৰাজনীতি

asomiyapratidin

এখন প্ৰতিবেশী ৰাষ্ট্ৰ হিচাপে পাকিস্তানৰ সক্ৰিয় ৰাজনীতিৰ বিষয়টো আমাৰ দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ। কাৰণ পাকিস্তানত এক সুস্থ গণতান্ত্ৰিক প্ৰক্ৰিয়া আৰম্ভ হ'লে তাৰ দ্বাৰা ভাৰতবৰ্ষও লাভান্বিত হ'ব। বিগত কেইবা দশক ধৰি পাকিস্তানৰ ৰাজনৈতিক অস্থিৰতা, স্বেচ্ছাচাৰিতাৰ ফলতে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক বিষয়বোৰৰ সমাধান প্ৰক্ৰিয়া ব্যাহত হৈ পৰিছে। প্ৰতিবেশী ৰাষ্ট্ৰখনত বহুসময়ত গণতন্ত্ৰৰ নামত সামৰিক শাসন ব্যৱস্থা বলৱৎ হোৱাৰ কথা অস্বীকাৰ কৰা নাযায়।

দেশখনৰ নিৰ্বাচিত চৰকাৰৰ মুৰব্বীজনৰ সৈতে যেতিয়াই ভাৰতৰ আলোচনাৰ বাট মুকলি হৈছে তাৰ পিছমুহূৰ্ততে আকৌ বিপৰতীমুখী প্ৰৱণতাও সক্ৰিয় হৈ পৰিছে। পাৰভেজ মুছাৰফ, বেনজিৰ ভূট্টোৰ পৰা আৰম্ভ কৰি শেহতীয়াভাৱে প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ কাৰ্যকালত ভাৰত-পাক সম্পৰ্কৰ বহু উত্থান-পতনৰ মুলতে দেশখনৰ ৰাজনৈতিক অস্থিৰতাই ক্ৰিয়া কৰিছিল। পাকিস্তানৰ গণতন্ত্ৰৰ শক্তিশালী ভূমিকা নথকা বাবেই তাত সামৰিক বাহিনীয়ে বিভিন্ন কাৰণত ভাৰতৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বিঘ্নিত কৰি আহিছে। অৱশ্যে কেৱল পাকিস্তানৰ ক্ষেত্ৰতে নহয়, গণতান্ত্ৰিক প্ৰমূল্যবোধ আৰু ৰাজনৈতিক স্বচ্ছতা যিকোনো দুখন প্ৰতিবেশী ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক ৰক্ষাৰ মূল চাবি-কাঠী।

এইক্ষেত্ৰত পাকিস্তানে বিগত সময়চোৱাত বিফলতাকে উদঙাই দিছে। যোৱা শনিবাৰে পাকিস্তানৰ তেহৰিক-ই-ইনছাফ দলৰ মুৰব্বী তথা প্ৰাক্তন ক্ৰিকেটাৰ ইমৰান খানে দেশখনৰ দ্বিবিংশতিতম প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ পাছতেই আশা কৰা হৈছে যে এইবাৰ পাকিস্তানৰ গণতন্ত্ৰৰ কাৰ্যকাৰিতাই নতুন ৰূপ লাভ কৰিব। তেহৰিক-ই-ইনছাফ দলে নিৰ্বাচনত পাকিস্তানৰ ৰাষ্ট্ৰীয় সংসদৰ ৩৪২খন আসনৰ ভিতৰত ১৫১খন লাভ কৰিছিল যদিও তেওঁলোকৰ একক সংখ্যাগৰিষ্ঠতা নাছিল। কিন্তু বৃহত্তম দল হিচাপে অৱশেষত ইমৰান খানৰ দলৰ নেতৃত্বতে চৰকাৰ গঠন হোৱাৰ পথ প্ৰশস্ত হৈ পৰিল।

তাৎপৰ্যপূৰ্ণভাৱে স্বাধীন পাকিস্তানৰ এসত্তৰ বছৰীয়া ইতিহাসত ই এক উল্লেখযোগ্য ৰাজনৈতিক পৰিঘটনা হিচাপে বিবেচিত হৈছে। কাৰণ যদিহে গণতান্ত্ৰিকভাৱে শাসন ক্ষমতা অধিকাৰ কৰা ইমৰান খানৰ চৰকাৰখনে অহা ৫ বছৰীয়া কাৰ্যকাল পূৰ্ণ কৰিবলৈ সক্ষম হয় তেন্তে তেওঁ হ'ব পূৰ্ণ পৰ্যায়ৰ কাৰ্যকালত বৰ্তি থকা দেশখনৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী। গতিকে ইমৰান খানৰ সন্মুখত এতিয়া বহু প্ৰত্যাহ্বান ৰৈ আছে। প্ৰথমতে তেওঁ গণতন্ত্ৰৰ মৰ্যাদা অক্ষুণ্ণ ৰাখি দেশখনৰ বিপৰ্যস্ত অৰ্থনীতি আৰু আভ্যন্তৰীণ খাম-খেয়ালিবোৰ দূৰ কৰিব লাগিব। তাৰ পিছতহে ভাৰতবৰ্ষৰ দৰে প্ৰতিবেশী ৰাষ্ট্ৰৰ লগত সু-সম্পৰ্ক স্থাপন কৰাৰ বিষয়টো বিবেচনা কৰিব পাৰিব।

এইক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উদ্ৰেক হৈছে। ইমৰান খানে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি, বিশ্ববেংকৰ পৰা আৰ্থিক সাহায্য গ্ৰহণ কৰিব নে চীনৰ পৰা সহায় বিচাৰিব? তেওঁ আমেৰিকাৰ প্ৰভুত্ব স্বীকাৰ কৰিব নে আফগানিস্তানৰ তালিবানী গোটবোৰৰ সমৰ্থন ল'ব? আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঘোষিত যুদ্ধত ইমৰান খানৰ নেতৃত্বত পাকিস্তানৰ নতুন ভূমিকা কি হ'ব, সেয়াও বিচাৰ্যৰ বিষয় হৈ পৰিছে। এনে অজস্ৰ প্ৰশ্নৰ সমিধান হয়তো সময়ত ওলাব। কিন্তু ভাৰতৰ বাবে আশাৰ কথাটো হ'ল- ইমৰান খানৰ দৰে এজন প্ৰখ্যাত খেলুৱৈ তথা জাতীয়তাবাদী মানসিকতাসম্পন্ন ৰাজনৈতিক নেতাৰ ভাৰতবাসীৰ সৈতে অন্তৰংগতা আছে। তেওঁ ভাৰতৰ এজন শুভচিন্তক হিচাপেও চৰ্চিত।

এসময়ত ক্ৰিকেটৰ জৰিয়তে দুয়োখন দেশৰ সম্পৰ্ক উন্নত কৰাৰ ক্ষেত্ৰত ইমৰান খানৰ ভূমিকা শলাগিবলগীয়া আছিল। গতিকে তেওঁ ভাৰতৰ বাবে অতি সহজে বিপজ্জনক বা অন্যায়কাৰী হৈ নুঠে। কিন্তু প্ৰশ্ন হৈছে- ইমৰান খানে ৰাজনৈতিক পৰিপক্কতাৰে কিমান দূৰ আগবাঢ়িবলৈ সক্ষম হ'ব? পাকিস্তানত ইমৰান খানৰ বিৰোধী শক্তিবোৰৰ অভিযোগ হ'ল- তেওঁৰ দলে সামৰিক বাহিনীৰ সৈতে বুজাবুজি কৰিহে ক্ষমতাত অধিষ্ঠিত হৈছে। অৱশ্যে দুয়োপক্ষই এই অভিযোগ খণ্ডন কৰিছে। সি যি কি নহওঁক অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা শিক্ষাগ্ৰহণ কৰা ইমৰান খানৰ দৰে ৰাজনৈতিক নেতাৰ জনপ্ৰিয়তাক অগ্ৰাহ্য কৰিব নোৱাৰি।

তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা আৰু দেশখনৰ সৰ্বাংগীণ উন্নয়নৰ হকে যুঁজ দিয়াৰ কথা ঘোষণা কৰি পাকিস্তানৰ নৱ-প্ৰজন্মক উৎসাহিত কৰিছে। সেইবোৰ ঠিকেই আছে। কিন্তু ভাৰতৰ সৈতে কেনেধৰণৰ নীতি অৱলম্বন কৰা হ'ব সেই সম্পৰ্কে সদ্যহতে আনুষ্ঠানিকভাৱে কোনো ঘোষণা কৰা নাই ইমৰান খানে। কিছুমানৰ মতে বিজেপিতকৈ কংগ্ৰেছৰ শীৰ্ষ নেতৃবৃন্দৰ লগতহে ইমৰান খানৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে।

কিন্তু এইক্ষেত্ৰত নৱজ্যোৎ সিং সিদ্ধুৰ দৰে প্ৰাক্তন ক্ৰিকেটাৰ বন্ধুক ইমৰান খানৰ শপতগ্ৰহণ অনুষ্ঠানত বিশেষ মৰ্যাদা দিয়াটো বিচাৰ কৰিব নোৱাৰি। সিন্ধু এজন কংগ্ৰেছী হিচাপে নহয়, ক্ৰিকেটাৰ বন্ধু হিচাপেহে আমন্ত্ৰিত হৈছিল। তালৈ গৈ সিন্ধুৱে পাকিস্তানৰ সেনাপ্ৰধানৰ লগত আলিংগন কৰাক লৈ ইতিমধ্যে আমাৰ দেশত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমি ভাবো- সেইবোৰ বিষয় গৌণ হিচাপে লৈ ইমৰান খানৰ চৰকাৰক এই সময়ত শুভেচ্ছা জ্ঞাপন কৰি ভৱিষ্যৎ কৰ্মসূচী প্ৰস্তুত কৰাতহে নতুন দিল্লীয়ে অধিক গুৰুত্ব প্ৰদান কৰাটো উচিত।