সম্পাদনা মেজ

ভমকাফুলীয়া

asomiyapratidin

এজন ব্যক্তি আছিল। গোটেই জীৱনটোত তেওঁ দিন-ৰাতি একাকাৰ কৰি কাম কৰিছিল। তেওঁৰ বাবে আৰাম আছিল হাৰাম। এদিন সেইজন ব্যক্তিও কিন্তু ভাগৰুৱা হ'ল। বাৰ্ধক্যৰ ক্লান্তিত তেওঁৰ চকু দুটা মুদ খাই গৈছিল। তাৰ পিচত ব্যক্তিজনক শুৱাই দিয়া হৈছিল শান্তিৰ কোলাত- এটা কফিনত। মৃত্যুৰ ৩০ বছৰ পূৰ্বে ব্যক্তিজনে তেওঁৰ কফিনত ওপৰৰ এইখিনি কথাই লিখা থাকিব বুলি সিদ্ধান্ত লৈছিল। তেনেদৰেই কথাখিনি কফিনটোত খোদিত হৈছিল আৰু মানুহজনক মৃত্যুৰ পিছত সেইটো কফিনতে ভৰাই সমাধিস্থ কৰা হ'ল। ব্যক্তিজন হ'ল এম কৰুণানিধি।

বহু মানুহে পৰিকল্পনা কৰি জীৱনৰ বাটত খোজ নিদিয়ে। নিখুঁত পৰিকল্পনাৰে জীৱনৰ পৰিসমাপ্তি ঘটাব খোজা মানুহে ঠিক কৰুণানিধিৰ দৰে মৃত্যুৰ পূৰ্বে কফিন এটা তৈয়াৰ কৰি যাব পাৰে আৰু তাত লিখি যাব পাৰে নিজৰ ক্লান্তিহীন জীৱনৰ ভমকাফুলীয়া কথাবোৰ। যিবোৰ কথা সকলো মানুহে পঢ়ি ভাল পায়। অৱশ্যে এইটোও ঠিক যে খ্যাতিৰ শীৰ্ষত আৰোহণ কৰিলে বুলি সকলো মানুহৰ প্ৰতিটো কথা মন দি শুনিব নোৱাৰি আৰু লিখি যোৱা সকলো কথা পঢ়িবও নোৱাৰি।

হিন্দু সম্প্ৰদায়ে এঘৰীয়া কৰা পৰিয়াল এটাৰ যুৱক এজনৰ মৃত্যুৰ পিছত মৃতদেহটো সৎকাৰৰ ব্যৱস্থা কৰিলে মুছলমানে। ঘটনাটো গোলাঘাটৰ। দেশত প্ৰতিদিনেই এনে ঘটনা ঘটে। আমি কেৱল খবৰ পাওঁ মৃত্যু-হত্যাৰ। মৃত্যুৰ পিছত জীৱনক ধন্য কৰা মানৱীয় খবৰবোৰ খুব কমেইহে পোৱা যায়। আমি খবৰ পাইছো বিহাৰ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ডৰ শিশু আশ্ৰয় গৃহত কিশোৰীৰ ওপৰত চলা যৌন উৎপীড়নৰ ঘটনাবোৰৰ। পিছে খবৰ নাপাওঁ লুধিয়ানাৰ এনে এটা শিশু গৃহৰ; য'ত চলি আছে 'শিক্ষা কি ইনকিলাব' অভিযান। চাইকেল তৈয়াৰ, গাড়ীৰ যন্ত্ৰাংশ নিৰ্মাণ আৰু বস্ত্ৰ উদ্যোগৰ বাবে বিখ্যাত লুধিয়ানা।

এইবোৰ উদ্যোগত কাম কৰা শ্ৰমিকৰ সন্তানসকলক ৰখা হয় আশ্ৰয় গৃহত। পিতৃ-মাতৃয়ে কাম কৰিব আৰু তেওঁলোকৰ সন্তানে এইবোৰ আশ্ৰয় গৃহত থাকিব। এনে আশ্ৰয় গৃহতো কুকৰ্ম ঘটিব পাৰে। কিন্তু নঘটে। যিসকলে এইবোৰ আশ্ৰয় গৃহ সাজিছে, পৰিচালনা কৰিছে তেওঁলোকে শিশুৰ বাবে স্থাপন কৰিছে পুথিভঁৰাল। নাম ৰাখিছে ছহিদ ভগত সিং পুস্তকালয়।

লুধিয়ানাৰ জামালপুৰত থকা এইটো পুথিভঁৰালে কিশোৰ-কিশোৰীৰ সন্মুখত মেলি দিছে জ্ঞানৰ বিশাল পৃথিৱীখন। জ্ঞানৰ পৃথিৱীত প্ৰৱেশৰ সুযোগ দৰিদ্ৰ, সৰ্বহাৰাৰ সন্তানে খুব কমেইহে পায়। অনাথ শিশুৰ আশ্ৰয় গৃহত ঘটনা যৌন কেলেংকাৰীৰ বিপৰীতে লুধিয়ানাৰ এই আশ্ৰয়গৃহৰ কাহিনী পৃথক। আনৰ আশ্ৰয়ত থকা শিশুক নিৰ্যাতন-উৎপীড়নৰ যোগ্য বুলি গণ্য কৰা সকলে সৃষ্টি কৰে আশ্ৰয় গৃহৰ একোটা কলংকিত অধ্যায়। লুধিয়ানাৰ শিশুৰ কাহিনীয়ে কীৰ্তিমানৰ বাণীকো চেৰ পেলাব পাৰে। জীয়াই থকা মানুহখিনিক শান্তিত ৰখা, দুখ-কষ্ট নিদিয়াকৈ ৰাখিব পাৰিলে জীৱন হয় ভমকাফুলীয়া। সমাজ হয় গতিশীল। জীৱনটোক নিখুঁত পৰিকল্পনাৰে আগুৱাই নিব পাৰি। তেনে পৰিকল্পনা কৰা সকলেই কৰুণানিধিৰ দৰে মৃত্যুৰ পূৰ্বে কফিনত লিখি যাব পাৰে ভমকাপুলীয়া কথাবোৰ।

দবা-পৰলি

সুদূৰত মাৰাঠাসকলৰ সংৰক্ষণ বিচাৰিছে আৰু আমাৰ ইয়াত এচামে জনজাতিকৰণ বিচাৰিছে। দুয়োবিধেই সংৰক্ষণ। দুয়োটা বিচাৰি আৰক্ষীৰ লাঠিৰ কোব খাইছে। লাঠিৰ কোবটোও একপ্ৰকাৰ সংৰক্ষণ। যিসকলে পৃথকভাৱে থকাৰ কথা চিন্তা কৰে, তেওঁলোকৰ বাবেই শাসকে সুকীয়া দমন নীতি নিৰ্ধাৰণ কৰে। সংৰক্ষণকাৰীসকল দবা-পৰলিৰ দৰে। ঘৰৰ ছাউনী ডাঠ হ'বৰ বাবে চালৰ মুখত যি খেৰৰ কোছা বন্ধা হয় তাকে কয় দবা-পৰলি। একপ্ৰকাৰ আছুতীয়া সুৰক্ষা। এনে সুৰক্ষা বিচৰাও সংৰক্ষণ।

নষ্ট সন্তানক মাক-দেউতাকে গালি পাৰিলেও কেটকুট নকৰে। গালি-শুনি, মাৰ খাই এনে সন্তানো দবা-পৰলিসদৃশ হৈ পৰে। লোকসেৱাত আত্মসেৱা কৰা ভালেমান বিষয়া জেললৈ পঠোৱা হৈছে। ভবা হৈছিল যে পূৰ্বৰ চৰকাৰে লেতেৰা কৰি যোৱা লোকসেৱা শুচি হ'ল। পিছে শিক্ষা বিষয়াৰ পদত বহিঃৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তি দিয়া বাতৰি ওলোৱাৰ লগে লগে লোকসেৱা এতিয়াৰ চৰকাৰৰ দিনতো দুৰ্নীতিত পোত খোৱাটো নিশ্চিত হৈছে। এইখন চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰে পৰা কিমান ঘোচখোৰ গ্ৰেপ্তাৰ হ'ল তাৰ হিচাপ নাই। তথাপি দুৰ্নীতি শেষ হৈছেনে? দুৰ্নীতিগ্ৰস্তসকলো দবা-পৰলিসদৃশ।

এজনৰ ত্যাগৰ বিনিময়ত দহজনে ভোগ কৰে দুৰ্নীতিৰে গঢ়া সুখ। চকুৰ আগতে এনে উদাহৰণ অলেখ। যেনে- এজন ঘোচখোৰ অভিযন্তা আছিল। এদিন তেওঁৰ পথ দুৰ্ঘটনাত মৃত্যু হ'ল। কিন্তু তেওঁ অজস্ৰ টকা থৈ গৈছিল। বিমুদ্ৰাকৰণৰ পূৰ্বে অভিযন্তাজনৰ পত্নীয়ে অতি কম সময়তে এটা বিশাল ঘৰ সাজিলে। পত্নীৰ চাকৰি নাই। কিন্তু সেই বিশাল ঘৰত ভাড়াতীয়া ৰাখি তেওঁ বিলাসী জীৱন কটাইছে। কণমানি সন্তান দুটিক দামী স্কুলত দিছে। স্বামীৰ পাপৰ বিনিময়ত পত্নী-সন্তানৰ সুখ। দবা-পৰলিয়ে এনেকৈয়ে গঢ় লয়।

এন আৰ চিক লৈ সংবাদ মাধ্যমত বিভিন্ন মন্তব্য দি সৰ্বোচ্চ ন্যায়ালয়ৰ ধমক খালে সমন্বয়ক আৰু মহাপঞ্জীয়কে। দুয়ো বোধহয় নিজকে অসমীয়াৰ ভাগ্য বিধাতা বুলি ভাবিবলৈ ধৰিছিল। ইতিহাসক যদি অতীতৰ কালানুক্ৰম বুলি নাভাবি ভৱিষ্যতৰ আলোকস্তম্ভ বুলি গণ্য কৰা হয়, তেতিয়াহে ইতিহাসৰ মহিমা অক্ষুণ্ণ থাকে।

দুৰ্নীতিৰো ইতিহাস আছে। আজিও সেই ইতিহাসক আলোকস্তম্ভ কৰি ৰখা হৈছে বাবেই দুৰ্নীতি চলি আছে। এন আৰ চিতো দুৰ্নীতি নোসোমাৱা বুলি ক'ব নোৱাৰি। বোধহয় সেয়া লুক-ঢাক কৰিবলৈকে সংবাদ মাধ্যমত সৰৱ হৈছিল সমন্বয়ক আৰু মহাপঞ্জীয়ক। দবা-পৰলি সকলোতে থাকে। ঘৰৰ ছাউনী ডাঠ হ'বলৈ বন্ধা খেৰকোছাৰ দৰেই সেই সুৰক্ষাৰে 'মহিমামণ্ডিত' হৈ আছে দুৰ্নীতি। যাৰ বাবে নষ্ট সন্তানৰ দৰে কেটকুট নকৰে দুৰ্নীতিগ্ৰস্তই। দুৰ্নীতিৰ দবা-পৰলিৰ ডাঠ আচ্ছাদনেৰে সুনীতি প্ৰয়োগ কৰাটো সম্ভৱ জানো?