কোৰোনা

সকলো বয়সৰ লোককে ভেকচিন প্ৰদান কৰিব লাগেঃ মুখ্যমন্ত্ৰী কেজৰিয়াল

asomiyapratidin

ডিজিটেল ডেস্কঃ দিল্লীত দ্ৰুত গতিত কোৰোনাৰ সংক্ৰমণ। শেহতীয়াকৈ দেশত আক্ৰাম্ত হোৱা অধিকাংশই হৈছে শিশু-কিশোৰ, যুৱক-যুৱতী। এই ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়ালে কয় যে, দেশত বয়স নিৰ্বিশেষে ভেকচিন প্ৰদান কৰিব লাগে।

তেওঁ কয় যে, দিল্লী বিগত ২৪ ঘন্টাত প্ৰায় ১০ সহস্ৰাধিক লোক কোৰোনাত আক্ৰান্ত হৈছে। ইয়াৰে ৬৫ শতাংশই হৈছে ৪৫ বছৰৰ ঊৰ্ধ্বৰ লোক। সেয়েহে কেন্দ্ৰীয় চৰকাৰ ৪৫ বছৰ ঊৰ্ধ্বৰ লোকক ভেকচিন প্ৰদান সিদ্ধান্ত প্ৰত্যাহাৰ কৰি সকলো বয়সৰ লোকক ভেকচিন প্ৰদান কৰিবলৈ আহ্বান জনায়।

জানিব পৰা মতে, দিল্লীত চৰকাৰে ৰা্জ্যখনত ৰেস্তাৰাঁ, চিনেমা হল, ৰাজহুৱা পৰিবহন আদিত ৫০ শতাংশ আসন ব্যৱহাৰৰ নিৰ্দেশ দিচে। ইয়াৰ উপৰিো নিশাৰ ১০ বজাৰ পৰা পুৱা ৫ বজালৈ নৈশ সান্ধ্য আইন বলৱৎ হৈ আছে।