কোৰোনা

লকডাউনৰ ভয় ! হাজাৰ হাজাৰ শ্ৰমিকে এৰিছে মু্ম্বাই, আৰক্ষীৰ বাধা নেওচি স্ব-গৃহলৈ যোৱাৰ বাবে আপ্ৰাণ চেষ্টা….

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনাৰ তৃতীয় লহৰৰ মাজেৰে দেশ আগবাঢ়িছে।এই সময়ছোৱাত যদিও দেশত লকডাউন ঘোষণা কৰা হোৱা নাই তথাপিও বিভিন্ন ৰাজ্যত বহু ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। জাৰি কৰা হৈছে নিশাৰ কাৰ্ফিউ। এনে এক সময়ত পুনৰ দেশৰ প্ৰবজিত শ্ৰমিক সকলৰ মাজত সৃষ্টি হৈছে আতংকৰ।

কোভিডৰ প্ৰথম লহৰৰ সময়ছোৱাত হঠাৎ ঘোষণা কৰা লকডাউনৰ ফলত হাজাৰ হাজাৰ প্ৰবজিত শ্ৰমিকে কৰ্মস্থলী এৰি স্বগৃহলৈ ঢাপলি মেলিছিল। কোনোবাই খোজেৰে আন কোনোবাই চাইকেলেৰ হাজাৰ কিলোমিটাৰ দূৰৰ গৃহলৈ ৰাওনা হোৱাৰ সময়তে মৃত্যু মুখত পৰিছিল বহু শ্ৰমিক। ভোকে-ভাগৰে ৰে'ল লাইনত শুই থকা বহু শ্ৰমিকেই হেৰুৱাইছিল জীৱন।

কোভিডৰ প্ৰথম লহৰৰ বাবে সেই সময়ত সৃ্ষ্টি হোৱা সেই পৰিবেশ-পৰিস্থিতিৰ কথা নিশ্চয় সকলোৰে মনত আছে। শেহতীয়াকৈ দেশৰ বিভিন্ন ৰাজ্যত কোৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে পুনৰ শ্ৰমিকৰ মাদত সৃষ্টি হৈছে আতংকৰ। বিশেষকৈ মহাৰাষ্ট্ৰত কোভিড সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ বাবে শ্ৰমিকসকলে মহাৰাষ্ট্ৰ এৰি স্বগৃহলৈ ঘূৰি আহিবলৈ ইচ্ছা কৰিছে।

মুম্বাইত প্ৰবজনকাৰী হাজাৰ হাজাৰ শ্ৰমিকে ৰে'ল ষ্টেচনত পুনৰ শিবিৰ পাতিছে। সকলোৱে মু্ম্বাইত লকডাউন হোৱাৰ আশংকাক নিজ ঘৰলৈ যাবলৈ চেষ্টা কৰিছে। বহু শ্ৰমিকে ইতিমধ্যে ৰে'লৰ জৰিয়তে স্বগৃহলৈ ঘূৰি গৈছে যদিও হাজাৰ, হাজাৰ শ্ৰমিকে ৰে'লৰ টিকটৰ বাবে হাহাকাৰ কৰিছে। ৰে'লৱে ষ্টেচনত ভিৰ কৰা হাজাৰ হাজাৰ শ্ৰমিকৰ ওপৰত আৰক্ষীয়ে লাঠি চালনাও কৰিবলগীয়া হৈছে।

ৰে'লৱে ষ্টেচনত ভিৰ কৰা হাজাৰ হাজাৰ শ্ৰমিকক আৰক্ষীয়ে তাৰ পৰা স্থানান্তৰ কৰিবলৈ গৈও বিপদত পৰিছে। শ্ৰমিকৰ এটাই কথা, যদি লকডাউন হয় তেনেহ'লে তেওঁলোক ভোকত মৃত্যুমুখত পৰিব। দৰাচলতে মুম্বাইত যোৱা ২৪ ঘণ্টাত ২০ হাজাৰৰো অধিক লোক কোৰোনাত আক্ৰান্ত হৈছে। মুম্বাইৰ লগতে মহাৰাষ্ট্ৰত কোভিড প্ৰ'টকল অধিক কঠোৰ কৰা হৈছে। জাৰি কৰা হৈছে এছ অ' পি। নিশাৰ কাৰ্ফিউৰ উপৰিও বহু ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে। এনে পৰিস্থিতিত শ্ৰমিকসকলে লকডাউনৰ আশংকাত মুম্বাই এৰিবলৈ বিচাৰিছে।

বৃহস্পতিবাৰে নিশাৰ পৰা মুম্বাইৰ লোকমান্য তিলক ষ্টেচনত প্ৰব্ৰজনকাৰী শ্ৰমিকে ভিৰ কৰিবলৈ আৰম্ভ কৰিছিল। উত্তৰ প্ৰদেশ আৰু বিহাৰলৈ যোৱা বেছিভাগ ৰে'লেই মুম্বাইৰ কুৰ্লাৰ লোকমান্য তিলক টাৰ্মিনাস হৈ যায়। মুম্বাইৰ বহু সংখ্যক প্ৰব্ৰজনকাৰী শ্ৰমিক বিহাৰ আৰু উত্তৰ প্ৰদেশৰ পৰা অহা।