কোৰোনা

টেবলেট খালেও ভাল হ’ব কোৰোনা ! ক’ত পাব এই বিশেষ টেবলেট…

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাল খবৰ। এতিয়াৰে পৰা টেবলেটৰ জৰিয়তেও সম্ভৱ হৈ উঠিব কোৰোনাৰ চিকিৎসা। দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতে এই সুখবৰ আহিছে বৃটেইনৰ পৰা। বিশ্বৰ প্ৰথমখন দেশ হিচাপে বৃটেইনে কোৰোনাৰ চিকিৎসাৰ বাবে এটা বিশেষ টেবলটক মান্যতা প্ৰদান কৰিছে। বৃটেইনত নিৰ্মিত মল্নুপিৰাভিৰ নামৰ টেবলেটক স্বীকৃতি প্ৰদান কৰিছে বৃটেইনে।

প্ৰকাশিত খবৰ অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাৰ্ক আৰু ৰিজবেক বায়োথেৰাপিউটিক্সে যুটীয়াভাৱে প্ৰস্তুত কৰিছে এই বিশেষ টেবলেট। এই টেবলেট কোৰোনাৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব বুলি মান্যতা প্ৰদান কৰা হৈছে। উল্লেখ্য যে কোভিড-১৯ ৰ চিকিৎসাৰ বাবে অনুমোদন লাভ কৰা বিশ্বৰ এইটোৱেই প্ৰথম টেবলেট।

এই টেবলেটৰ পৰীক্ষণ কৰাৰ পাছত নিশ্চিত হৈছে যে, কোৰোনাৰ আৰম্ভণিতে ব্যৱহাৰ কৰিলে বা গুৰুতৰ কোভিড-১৯ হোৱাৰ আশংকা থকা লোকসকলে এই টেবলেট গ্ৰহণ কৰিলে তেওঁলোকৰ মৃত্যু বা চিকিৎসালয়ত ভৰ্তি হোৱাৰা সম্ভাৱনা নাথাকিব। অৰ্থাৎ চিকিৎসালয়ত ভৰ্তি নোহোৱাকৈও কোভিড-১৯ ৰ পৰা পৰিত্ৰাণ লাভ কৰিব।