অর্থনীতি

পেলনীয়া প্লাষ্টিকৰ বটলেৰে বনোৱা এযোৰ চেণ্ডেল, দাম শুনি আপুনি হ’ব আচৰিত…

asomiyapratidin

ডিজিটেল ডেস্কঃ কিছুদিনৰ পূৰ্বে অনলাইন খুচুৰা বিক্ৰেতা প্ৰতিষ্ঠান এমাজনে এটা নাৰিকলৰ খোলা মূল্য নিৰ্ধাৰণ কৰিছিল ১৩০০ টকা। প্ৰতিষ্ঠানটোৱে এই খোলাটোৰ মূল্য পে'জত লিখিত ৰূপত দিয়াৰ পাছতে বিভিন্নজনে তীক্ষ্ণ সমালোচনা কৰা দেখা গৈছিল। সমালোচনাৰ পাছতে এই খোলাটোৰ মূল্য ১৫০ টকালৈ হ্ৰাস কৰিছিল প্ৰতিষ্ঠানটোৱে। এই ঘটনাৰ পাছতে এতিয়া চৰ্চালৈ আহিছে এযোৰ বিশেষ চেণ্ডেল।

চেণ্ডেলযোৰ নিৰ্মাণ কৰা হৈছে পেলনীয়া প্লাষ্টিকৰ বটলেৰে। নিউজিলেণ্ডৰ এগৰাকী মহিলাই এই চেণ্ডেলযোৰ বিক্ৰীৰ বাবে ফেচবুকৰ জৰিয়তে দিছে বিজ্ঞাপন। অতি সাধাৰণ এই চেণ্ডেলযোৰৰ মূল্য মহিলাগৰাকীয়ে ২০ ডলাৰ অৰ্থাৎ ১৪২৩ টকা নিৰ্ধাৰণ কৰিছে।

পেলনীয়া বটলেৰে নিৰ্মাণ কৰা এই চেণ্ডেলযোৰৰ মূল্য দেখি কিছুমানৰ চকু কপালত উঠাৰ পৰিৰ্ৱতে কিছু কিছুয়ে মন্তব্য কৰিছে যে এই চেণ্ডেলেৰে পানীতো খোজ কাঢ়িব পাৰিব।সেয়া যি কি নহলেও বহুতে সন্দেহ কৰিছে যে কোনো ফেচবুকৰ কোনো ভুৱা একাউন্টৰ পৰা কোনো ব্যক্তিয়েও ধেমেলীয়াসূচক ভাৱে এই কাম কৰিব পাৰে। তথাপিও এই চেণ্ডেল আৰু চেণ্ডেলৰ মূল্যক লৈ এতিয়া ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা।