অর্থনীতি

চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে ক্ষোভ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ ক্ষুদ্ৰ চাহখেতিয়কসকলে দীৰ্ঘদিনৰ পৰা তেওঁলোকৰ সমস্যা সমাধানৰ দাবী জনাই আহিছে যদিও এইক্ষেত্ৰত গুৰুত্ব দিয়া নাই ৰাজ্য চৰকাৰে। বৃহৎ চাহ গোষ্ঠীৰ পুঁজিপতি শ্ৰেণীটোৱে সদায় লুণ্ঠন চলাই আহিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলক।

মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ বিষয়ববীয়াসকলে এই অভিযোগ উত্থাপন কৰে। সন্থাৰ মতে, বৰ্তমান প্ৰতিকেজি কেঁচা চাহপাত উৎপাদন কৰোতে ১৪.৯ টকা ব্যয় হয় যদিও ক্ষুদ্ৰ চাহ খেতিয়কসকলে প্ৰতিকেজি কেঁচা চাহপাত গড়ে ১৩ টকাকৈ বিক্ৰী কৰিবলগীয়া হয়।

অথচ টী বৰ্ডে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা প্ৰতিকেজি কেঁচা চাহপাত ২০-২২ টকা দৰত বাগানসমূহক নিৰ্দেশ দিছিল যদিও সেই নিৰ্দেশ আজিও কাৰ্যকৰী হোৱা নাই। ইফালে ৰাজ্য চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পৰা প্ৰতিকেজি কেঁচা চাহপাতৰ বাবদ ২৫ পইচাকৈ উপকৰ সংগ্ৰহ কৰিছিল। সেই উপকৰ বাজেটত ১০ পইছালৈ হ্ৰাস কৰাৰ কথা কোৱা হৈছিল যদিও এই নিয়ম আজিও কাৰ্যকৰী কৰা নাই ৰাজ্য চৰকাৰে।

ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি গোপালকৃষ্ণ খাউণ্ড আৰু সম্পাদক ৰোহিত বৰগোহাঞিয়ে জানিবলৈ দিয়া মতে, বৰ্তমান চৰকাৰৰ ঘৰত ৫০০ কোটি টকা জমা আছে। এই ধন ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা তেওঁলোকৰ কল্যাণৰ হকে কৰ হিচাপে সংগ্ৰহ কৰিছিল যদিও আজিও এই ধনৰ সদব্যৱহাৰ হোৱা নাই।

আনহাতে ক্ষুদ্ৰ চাহ খেতিয়কসকলক মাটিৰ পট্টা দিয়াৰ ক্ষেত্ৰতো কোনো পদক্ষেপ গ্ৰহণ কৰা নাই চৰকাৰে। সংবাদ মেলত ক্ষুদ্ৰ চাহ খেতিয়কসকলে তেওঁলোকৰ প্ৰাপ্য অধিকাৰ আৰু উদ্যোগটোৰ প্ৰতি চৰকাৰৰ দায়ৱদ্ধতা প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায়।