অর্থনীতি

পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

asomiyapratidin

ডিজিটেল ডেস্কঃ দিনকদিনে বৃদ্ধি পাইছে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে শুল্ক আৰু কৰ কিছু পৰিমানে হ্ৰাস তথা ৰেহাই কৰাৰ বাবে যদিও কিছু কিছু ৰাজ্যত ইন্ধনৰ মূল্য হ্ৰাস পাইছিল ৫ টকালৈ।

পিছে মূল্য হ্ৰাস কৰাৰ পিছদিনাৰে পৰা পুনৰ বৃদ্ধি পাইছে ইন্ধনৰ মূল্য। শুকুৰবাৰ পুনৰ পেট্ৰ'লৰ মূল্য ১৩ পইচা আৰু ডিজেলৰ মূল্য ৩০পইচা বৃদ্ধি পাইছে প্ৰতিলিটাৰত।গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৮২.৪০ টকা আৰু ডিজেলৰ মূল্য ৭৫.৮৩টকা প্ৰতিলিটাৰত।

ইফালে, মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮৭.৯৪ টকা। ঠিক একেদৰে প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৮.৫১ টকা হৈছেগৈ। ইয়াৰ সমান্তৰালকৈ দিল্লীটো পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি হ'ল। দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ক্ৰমে ৮২.৪৮টকা আৰু ৭৪.৯০টকা।