অর্থনীতি

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ ধাৰাবাহিকতা অব্যাহত…

asomiyapratidin

ডিজিটেল ডেস্কঃ পেট্ৰ'ল-ডিজেলৰ মূল্য ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। কিন্তু বুধবাৰে সামান্য পৰিমানে পেট্ৰ'লৰ মূল্য হ্ৰাস পাইছিল যদিও, পুনৰ আজি অৰ্থাৎ বৃহস্পতিবাৰে বৃদ্ধি পাই পেট্ৰ'লৰ মূল্য। দিল্লীত বৃহস্পতিবাৰে প্ৰতি লিটাৰ পেট্ৰ'লত ০.১৪ টকা আৰু ডিজেলৰ প্ৰতি লিটাৰত ০.১৯ টকা বৃদ্ধি পায়।

বৰ্তমান প্ৰতিলিটাৰ পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ৰাজধানী চহৰখনত ক্ৰমে- ৭০.৪৭ টকা আৰু ৬৪.৭৮ টকা। ইফালে, মুম্বাইতো বৃদ্ধি পাইছে ইন্ধনৰ মূল্য। বৃহস্পতিবাৰে মুম্বাইত পেট্ৰ'ল আৰু ডিজেলৰ প্ৰতিলিটাৰত ০.১৪ টকা আৰু ০.২০ টকা বৃদ্ধি পাই। চহৰখনত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭৬.১১ টকা হোৱাৰ বিপৰীতে ৬৭.৮২ টকা প্ৰতিলিটাৰ ডিজেলৰ মূল্য হৈছেগৈ