অর্থনীতি

সুখবৰ! আজি বঢ়া নাই পেট্ৰ’ল-ডিজেলৰ দাম

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ 'প্ৰতিদিনে বাঢ়িছে পেট্ৰল-ডিজেলৰ মূল্য' বিগত এমাহৰ পৰা যিকোনো সংবাদমাধ্যমত চকু ফুৰালে এই বাক্যশাৰী আপোনাৰ চকুত পৰিবই। যোৱা এটা মাহৰ ভিতৰতে দেশৰ সৰ্বসাধাৰণক জ্বলা-কলা খুৱাই অহা পেট্ৰ'ল-ডিজেলৰ মূল্য আকাংলংঘী হৈ অতিক্ৰম কৰে ৮০ৰ ঘৰ।

চৰকাৰেও মুকলিকৈ ঘোষণা কৰিলে যে পেট্ৰ'জাত ইন্ধনৰ মুল্য হ্ৰাস কৰিব নোৱাৰি। যোৱা এটা মাহৰ পৰা প্ৰতিদিনে বাঢ়ি অহা পেট্ৰ'ল-ডিজেলৰ  মূল্যত বুধবাৰে ব্ৰেক লাগিল। বুধবাৰে পেট্ৰল ডিজেলৰ দাম নকমিল আৰু নাবাঢ়িলো।

দেশৰ জনগণেও আশা কৰিছে পেট্ৰ'ল-ডিজেলৰ আৰু যেন মূল্যবৃদ্ধি নহওক। আচলতে যোৱা মাহৰে পৰা একাধাৰে এফালে মুদ্ৰাৰ মূল্য হ্ৰাস পোৱাৰ বিপৰীতে আন্তজাৰ্তিক বজাৰত বৃদ্ধি হৈছিল খাৰুৱা তেলৰ মূল্য। যাৰফলত প্ৰতিদিনাই বৃদ্ধি পাইছিল পেট্ৰ'ল-ডিজেলৰ মূল্য।

উল্লেখ্য যে, দেশৰ ৰাজধানী দিল্লীত বুধবাৰে পেট্ৰ'লৰ মূল্য ৮২.১৬ আৰু ডিজেলৰ মূল্য ৭৩.৮৭ টকা। আনহাতে গুৱাহাটী মহানগৰীত বুধবাৰে পেট্ৰ'লৰ মূল্য ৮৪.৬০ টকাৰ বিপৰীতে ডিজেলৰ মূল্য ৭৭.২৪ টকা।