অর্থনীতি

দেশৰ জি ডি পি ৮.৫ শতাংশলৈ বৃদ্ধিৰ পোষকতাঃ সংসদত বিত্তমন্ত্ৰীয়ে উত্থাপন কৰিলে অৰ্থনৈতিক সমীক্ষা….

asomiyapratidin

ডিজিটেল ডেস্কঃ সোমবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশন। অধিৱেশনৰ প্ৰথম দিনটোত বিত্তমন্ত্ৰী নীৰ্মলা সীতৰমনে অৰ্থনৈতিক সমীক্ষা উত্থাপিত কৰে। লোকসভাত উত্থাপিত অৰ্থনৈতিক সমীক্ষা অনুসৰি , পৰৱৰ্তী বিত্তীয় বৰ্ষত ৮ ৰ পৰা ৮.৫ শতাংশ বৃদ্ধি হোৱাৰ আকলন কৰা হৈছে। এই অৰ্থনৈতিক সমীক্ষা উত্থাপিত কৰাৰ পিছতে লোকসভা মঙলবাৰৰ পুৱা ১১ বজালৈকে স্থগিত ৰখা হয়।

লোকসভাৰ পিছত এই অৰ্থনৈতিক সমীক্ষা ৰাজ্যসভাত উত্থাপন কৰা হয়। মঙলবাৰে পুৱা ১১ বজাত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে মোডী চৰকাৰৰ দশম বাজেট আৰু তেওঁৰ কাৰ্যকালৰ চতুৰ্থ বাজেট উপস্থাপন কৰিব। এইবাৰো বাজেট যোৱা বছৰৰ দৰে কাগজবিহীন হ'ব। সন্মুখত ৫ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন থকাৰ বাবে বিশ্বাস কৰা হৈছে এই বাজেটে সাধাৰণ জনতাক কিছু সকাহ প্ৰদান কৰিব।

অৰ্থনৈতিক সমীক্ষা অৰ্থ হৈছে যোৱা এবছৰত দেশৰ অৰ্থনৈতিক পৰিস্থিতিৰ এক বিৱৰণ। এই সমীক্ষাই দেখুৱায় যে যোৱা এবছৰত দেশত কিমান উন্নয়ন ঘটিছিল আৰু কিমান টকা খৰচ কৰা হৈছিল। এই সমীক্ষাৰ জৰিয়তে ইয়াক পুনৰীক্ষণ কৰা হয়। এই জৰীপৰ পৰা দেশৰ জিডিপিও অনুমান কৰা হৈছে। অৰ্থনৈতিক সমীক্ষাটো বিত্ত মন্ত্ৰীৰ মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ তত্বাৱধানত প্ৰস্তুত কৰা হয়। কোৰোনাৰ বাবে বাজেট অধিৱেশনক ৩ টা পৰ্যায়ত বিভক্ত কৰা হৈছে।