অর্থনীতি

১ মিনিটত ২৫ খবৰ

asomiyapratidin

১. ২৩ অক্টোবৰত ৪৬টা সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ প্ৰতি সমৰ্থন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ অভিযোগ, নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে বিজেপিয়ে অসমৰ ৰাইজক প্ৰতাৰণা কৰিছে।

২. ২৩ অক্টোবৰত ৬০টা জাতি জনগোষ্ঠীৰ সংগঠনে জনোৱা অসম বন্ধলৈ সমৰ্থন ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্র সন্থাৰ। এক বিবৃতিৰ জৰিয়তে সকলো লোককে বন্ধৰ প্ৰতি সমৰ্থন জনাবলৈ আহ্বান জনোৱাৰ লগতে বিশ্ববিদ্যালয়ৰ পৰিয়ালকো আহ্বান জনায় স্নাতকোত্তৰ ছাত্র সন্থাই।

৩. সোমবাৰে গুৱাহাটী ৰেলৱে ষ্টেচনত চেন্নাই এক্সপ্ৰেছৰ পৰা গুৱাহাটী ৰেল আৰক্ষীয়ে ২৮,৮০০ কোৰিয়ান চিগাৰেটসহ আটক কৰে দুজন লোকক। আৰক্ষীয়ে জব্দ কৰা ১৪৪ টা বৃহৎ পেকেটত থকা চিগাৰেটখিনি চমজাই দিয়ে শুল্ক বিভাগক।

৪. অমিতসৰৰ ৰে'ল দুৰ্ঘটনাক লৈ পঞ্জাৱৰ মন্ত্ৰী নৱজোৎ সিং সিদ্ধুৰ মন্তব্য- 'অনাথ হোৱা সকলো শিশুকে পঢ়া শুনাৰ উপৰি প্ৰতিখন দুৰ্ভগীয়া ঘৰৰ দায়িত্ব ল'ব চৰকাৰে।'

৫. দেশৰ জনপ্ৰিয় কমেডিয়ান কপিল শৰ্মাৰ বিয়া। চলিত বৰ্ষৰ ১২ ডিচেম্বৰত প্ৰেমিকা গিন্নী চতৰথৰ সৈতে বিয়াত বহিব কপিল।

৬. ঝাৰখণ্ডৰ ১৮ হাজাৰ ফাৰ্মাচীত বৰ্তমানেও প্ৰচলিত হৈ আছে কেন্দ্ৰীয় চৰকাৰে প্ৰতিবন্ধকতা আৰোপ কৰা ঔষধৰ বিক্ৰী। ৰাজ্যখনৰ এক সংস্থাই প্ৰকাশ কৰিছে এই তথ্য।

৭. মহানগৰীৰ পাণ্ডুত সোমবাৰে পূজা দস্তিদাৰ নামৰ যুৱতীগৰাকীয়ে বণ্টি পাল নামৰ প্ৰেমীকক বিহ খুওৱাৰ লগতে লাঠিৰে মৰিয়াই মৰিয়াই হত্যা কৰে। ঘটনাৰ পাছতে জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পূজা দস্তিদাৰক।

৮. সোমবাৰে কানাডাত দিনৰ ১০:৩৯ বজাত অনুভূত হয় ভূমিকম্প। ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাৱল্য ৬.৬। ভূমিকম্পত হতাহত হোৱা নাই কোনো লোক।

৯. ভাৰতীয় ৰে'ল বিভাগৰ সূত্ৰত প্ৰকাশ এক ভয়ংকৰ তথ্য। বিগত ৩ বছৰত ৰে'লৰ খুন্দাত দেশত মৃত্যু হৈছে ৪৯,৭৯০জন লোক ।

১০. ২০ অক্টোবৰত দুলীয়াজানৰ উষাপুৰত দুৰ্বৃত্তৰ অস্ত্ৰৰ আক্ৰমণত আহত হোৱা অজিত কলিতাৰ সোমবাৰে চিকিৎসালয়ত মৃত্যু। বৰ্তমানেও পলাতক মুখ্য অভিযুক্ত দীপ মাইনা দত্ত আৰু অনুপ কলিতা।

১১. বিহাৰৰ চাচাৰামত অন্ধবিশ্বাসৰ কৰুণ পৰিণতি। ডাইনীৰ সন্দেহত গাওঁবাসীয়ে এগৰাকী মহিলাৰ কাটিলে জিভা।

১২. ছত্তীশগড়ৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে সোমবাৰে বিজেপিয়ে ঘোষণা কৰে ৭৭ জনীয়া প্ৰাৰ্থীৰ তালিকা। বৰ্তমানৰ ১৪ জন বিধায়কৰ নাম নাই তালিকাত।

১৩. সোমবাৰে নিশা ১০ বজাত দৰ্শনাথীৰ বাবে বন্ধ কৰা হয় কেৰালাৰ সৰবিমালা মন্দিৰৰ মুখ্য দুৱাৰ। শনিবাৰে বিয়লি ৫.৩০ বজাত খোলা হৈছিল মন্দিৰৰ মুখ্য দুৱাৰ।

১৪. চলিতবৰ্ষৰ ৩০ নৱেম্বৰত দেশৰ ছবিঘৰত মুক্তি পাব হিন্দী ছবি 'কেদাৰনাথ'। ছবিখনৰ পৰিচালনা কৰিছে অভিষেক কাপুৰে।

১৫. নাগৰিকত্ব সংশোধনী বিধেয়কক অসাংবিধানিক আখ্যা এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামৰ। মঙলবাৰৰ অসম বন্ধলৈ পূৰ্ণ সমৰ্থন নেতাজনৰ।

১৬. পৰেশ বৰুৱাক মুছলিমৰ ঈদ বা মহৰমৰ পূৰ্বে বোমা বিস্ফোৰণ ঘটাই নিজৰ বীৰত্ব দেখুৱাৰ আহ্বান হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ। ইয়াৰ পূর্বেও মহানগৰীত আলফাই বোমা বিস্ফোৰণ ঘটাওতে ইছলাম ধৰ্মক লৈ মন্তব্য কৰিছিল বিধায়কজনে।

১৭. সোমবাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ টুইটাৰৰ যোগে ভাৰতক কটাক্ষ। 'নিজৰ ৰাজ্যক চম্ভালক ভাৰতে। কাশ্মীৰবাসীক অত্যাচাৰ চলাইছে ভাৰতীয় সেনাই।'

১৮. জনতা ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত আছাম ষ্টেট ৰোড ব'ৰ্ডৰ সাধাৰণ পৰিষদৰ ১৬সংখ্যক বৈঠক। ৰাজ্যৰ বিভিন্ন পথ নিৰ্মাণ প্ৰকল্পৰ অগ্ৰগতিৰ সন্দৰ্ভত বৈঠকত পৰ্যালোচনা।

১৯. সোমবাৰে বিহাৰত সংঘটিত হ'ল নাৰকীয় ঘটনা। নৱম শ্ৰেণীত অধ্যয়নত এগৰাকী ছাত্ৰীক ৪ লম্পটে কৰিলে বলাৎকাৰ।

২০. ১৭ নৱেম্বৰৰ ২৬টাকৈ বাঙালী সংগঠনে আয়োজন কৰা সমাৱেশৰ বাবে অনুমতি নিদিয়ে অসম চৰকাৰে। সোমবাৰে এই কথা স্পষ্ট কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

২১. সোমবাৰে উত্তৰ প্ৰদেশত ভিন্ন স্থানত পথ দুৰ্ঘটনা। ১২ লোক নিহত হোৱাৰ লগতে আহত হৈছে ১৪জন লোক।

২২. অমৃতসৰ দুৰ্ঘটনাত আহত আৰু নিহত পৰিয়ালক সাধ্যনুসাৰে সহায় আগবঢ়াব উত্তৰ প্ৰদেশ চৰকাৰে। সোনবাৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কৰিলে এই ঘোষণা।

২৩. ২৬ অক্টোবৰত অসনৰ ছবিগৃহত মুক্তি পাব দুখনকৈ অসমীয়া ছবি। জাহ্নু বৰুৱাৰ 'ভগা খিৰিকি' আৰু কিশোৰ দাসৰ ' ৰাজা ৰিটাৰ্নছ'।

২৪. পাকিস্তানত ভয়ংকৰ দুৰ্ঘটনা। একেটা পৰিয়ালৰে ১৩জন লোক নিহত হোৱাৰ লগতে মুঠ ২০জন লোক নিহত।

২৫. আৰু, ১৫ অক্টোবৰত মৰাণৰ খোৱাং প্ৰকল্পৰ অংগনৱাৰী কৰ্মী সহায়িকাই অনাৰীয়ামৰ ওপৰত সাব্যস্ত কৰিছিল প্ৰতিবাদ। সদৌ অসম অংগনৱাৰী কৰ্মী-সহায়িকা সন্থাৰ অন্তৰ্ভুক্ত প্ৰকল্প নোহোৱাকৈয়ে তেওঁলোকে ব্যৱহাৰ কৰিছিল সন্থাৰ চৰকাৰী পঞ্জীয়ন নম্বৰ আৰু পেদ। খোৱাং প্ৰকল্পক পুনৰ এনে কাৰ্য নকৰিবলৈ সকীয়াই দিয়ে সন্থাই।