অর্থনীতি

এয়াৰটেলক চেৰ পেলাই দ্বিতীয় স্থানত টেলিকম কোম্পানী জিঅ’…

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰতিষ্ঠিত ব্যৱসায়ী মুকেশ আম্বানীৰ টেলিকম প্ৰতিষ্ঠান ৰিয়ালেন্স জিঅ'ই ২০১৯ৰ মে' মাহত এয়াৰটেলক চেৰ পেলাই বৰ্তমান দেশৰ টেলিকম কোম্পানীৰ তালিকাৰ দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটী চমুকৈ টি আৰ এ আই অনুসৰি, মে' মাহত জিঅ'ৰ গ্ৰাহকৰ সংখ্যা ৩২.২৯ কোটিলৈ বৃদ্ধি পায়। ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত জিঅ' উপলব্ধ হৈছিল। কম মূল্য আৰু ভাল ইণ্টাৰনেট সুবিধা উপলব্ধ কৰোৱাৰ বাবে গ্ৰাহকক অধিক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বুলি টি আৰ এ আইয়ে জনায়।

টেলিকম কোম্পানীৰ তালিকাৰ দ্বিতীয় স্থানত অধীস্থিত হোৱাটো জিঅ'ৰ বাবে এক ডাঙৰ সফলতা। কিয়নো এই স্থানত পূৰ্ব আছিল এয়াৰটেল। ১৯৯৫চনতে উপলব্ধ হোৱা টেলিকম কোম্পানী এয়াৰটেল। অৰ্থাৎ প্ৰায় ২৪ বছৰ পুৰণি টেলিকম কোম্পানীটোক চেৰ পেলোৱাটো এক বৃহৎ সফলতা জিঅ'ৰ বাবে।

উল্লেখ্য যে, ভাৰতীয় টেলিকম ৰেগুলেটৰীঅথৰিটী অনুসৰি, ভোডাফোন আইডীয়াৰ আছে ৩৯.৭৫ কোটি গ্ৰাহক। আৰু টেলিকম কোম্পানীৰতালিকাত ই প্ৰথম স্থানত আছে। তাৰপাছত দ্বিতীয় স্থানত জিঅ'। আৰু ৩২.০৩ কোটি গ্ৰাহকৰসৈতে জিঅ'ৰ পাছত আছে এয়াৰটেল।