অর্থনীতি

বন্ধ হ’ব পাৰে জিঅ চিমকাৰ্ড!

asomiyapratidin

ডিজিটেল ডেস্কঃবৰ্তমান দেশৰ প্ৰায় সংখ্যক লোকেই ব্যৱহাৰ কৰে জিঅ'। কিয়নো অন্য টেলিকম প্ৰতিষ্ঠান সমূহতকৈ জিঅ'ৱে কম মূল্যতে অধিক সেৱা প্ৰদান কৰি আহিছে। জিঅ'ৰ এই সুবিধাসমূহৰ বাবে বাকী টেলিকম প্ৰতিষ্ঠানসমূহৰ গ্ৰাহক দিনক দিনে হ্ৰাস পাই আহিছে। কিন্তু শেহতীয়া এক খবৰ অনুসৰি জিঅ'ৰ প্ৰায় বিলাক উপভোক্তাৰ সেৱা বন্ধ কৰি দিয়া হ'ব।

জিঅ'ৰ সেই সকল উপভোক্তাৰ সেৱা বন্ধ কৰা হ'ব যিসকলে চিৰ্মকাড কেৱল আধাৰ কাৰ্ডৰ জৰিয়তে ক্ৰয় কৰিছিল। সুৰক্ষা সম্পকীয় দিশৰ পৰা জিঅ'ই এই সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে। যদি এই নিয়ম প্ৰযোজ্য কৰা হয় তেন্তে দেশৰ বহুসংখ্যক লোকে লাভ কৰিব নোৱাৰিব জিঅ'ৰ সেৱা। কিন্তু এই সম্পৰ্কত জিঅ'ই আলোচনাত বহিছে চৰকাৰ তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ৰ সৈতে। জিঅ'ৰ শীৰ্ষ বিষয়াই জানিবলৈ দিয়া মতে অচিৰেই সমাধান কৰা হ'ব এই সমস্যা।