অর্থনীতি

মনত ৰাখক, সময়ত জিঅ’ৰ গ্ৰাহকে লাভ কৰিব এই সুবিধা…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশৰ টেলিকম উদ্যোগত জিঅ'ৰ আগমনৰ পাছতে আমূল পৰিৱৰ্তন সাধন হৈছে। সময়ে সময়ে বহু সুবিধা প্ৰদান কৰি অহা বাবেই দিনক দিনে অভাৱনীয় ভাৱে বৃদ্ধি পাইছে জিঅ'ৰ গ্ৰাহকৰ সংখ্যা। জিঅ'ৰ শেহতীয়াকৈ গ্ৰাহক সকলৰ বাবে মুকলি কৰিছে আন এক সুবিধা। এই সুবিধা কিন্তু ৰিছাৰ্জৰ সৈতে কোনো সম্পৰ্ক নাই। জিঅ' ফোন ব্যৱহাৰকাৰী সকলেহে আদায় কৰিব পাৰিব এই সুবিধা।

জিঅ'ই মুকলি কৰা দুটাকৈ জিঅ' ফোনত প্ৰায় কেইটাই সুবিধাই উপলদ্ধ। শেহতীয়াকৈ এই সুবিধাত অন্তভূক্ত হৈছে আন এক সুবিধা।  জিঅ'ফোন ব্যৱহাৰকাৰী সকলে এতিয়াৰে পৰা ঘৰত বহি থাকিয়েই পোনপতীয়াকৈ বুকিং কৰিব পাৰিব ৰে'লৰ টিকট। জিঅ'ৰ ফোনত উপলদ্ধ জিঅ' ৰে'ল এপৰ জৰিয়তে সম্ভৱ হ'ব এই কাম। এই এপৰ যোগেদি আই আৰ চি টি চি চাৰ্ভিছৰ সুবিধাও আদায় কৰিব পাৰিব গ্ৰাহকে। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, আৰু ই-ৱালেটৰ যোগেদি এই টিকটৰ ধন আদায় কৰাৰ লগতে টিকট পুনৰ কেন্সেল কৰিব পাৰিব গ্ৰাহকে।

কেৱল এয়াই নহয়, এই এপৰ জৰিয়তে গ্ৰাহকে টিকট বুকিং কৰাৰ পাছত ৰে'ল ৰব লগা ষ্টেচন, সময়, আসন নম্বৰৰ সন্দৰ্ভতো দিব সকলো তথ্য। লগতে এই এপৰ যোগে পৰৰ্ৱতীসময়ত বিভিন্ন ৰে'লৰ সন্দৰ্ভত যাৱতীয় তথ্যও প্ৰেৰণ কৰিব থাকিব গ্ৰাহকলৈ। উল্লেখ্য যে, এই এপটো জিঅ'ফোন ব্যৱহাৰকাৰী সকলে জিঅ' এপ ষ্ট'ৰৰ পৰা ডাউনলড কৰিব লাগিব।