অর্থনীতি

দক্ষিণ এছিয়াৰ ভিতৰতে প্ৰথম স্থানত ভাৰত

asomiyapratidin

 ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বত এখন দেশৰ পৰা আনখন দেশলৈ ভ্ৰমণ কৰা বিদেশী পৰ্যটকৰ সংখ্যা দ্ৰুতভাৱে গতিত বৃদ্ধি পাইছে। 'সংযুক্ত ৰাষ্ট্ৰ বিশ্ব পৰ্যটন সংস্থা' নামৰ এক সংগঠনে ২০১৭ বৰ্ষটোৰ এক ৰেকৰ্ডৰ আধাৰত প্ৰকাশ কৰিছে এই তথ্য। 

২০১৭ বৰ্ষত সমগ্ৰ বিশ্বৰ এখন দেশৰ পৰা আন এখন দেশ ভ্ৰমণ কৰা বিদেশী পৰ্যটকৰ সংখ্যা হৈছে ১৩২.৩ কোটি। ২০১৬ বৰ্ষতকৈ বিদেশী পৰ্যটকৰ সংখ্যা ২০১৭ ত বৃদ্ধি পাইছে ৮.৪ কোটি।

 সংস্থাটোৰ তথ্যত প্ৰকাশ পাইছে যে সমগ্ৰ বিশ্বৰ ভিতৰতে দক্ষিণ এছিয়াত বিদেশী পৰ্যটকৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে আৰু এই বৃদ্ধিৰ শীৰ্ষত আছে ভাৰতবৰ্ষ। ভাৰতলৈ ২০১৬ বৰ্ষটোত অহা বিদেশী পৰ্যটকৰ সংখ্যা আছিল ১.৪৫ কোটি। ২০১৭ বৰ্ষত এই সংখ্যা বাঢ়ি হৈছিলগৈ ১.৫৫ কোটি।

পৰ্যটন ক্ষেত্ৰৰ পৰা ২০১৬ চনত ভাৰত চৰকাৰৰ মুঠ আছিল ২২.৪২ মিলিয়ন ডলাৰ ইয়াৰ পৰিৱৰ্তে ২০১৭ বৰ্ষত হৈছিলগৈ ২৭.৩৬  মিলিয়ন ডলাৰ।

উল্লেখ্য যে,সমগ্ৰ দক্ষিণ এছিয়াত বিদেশী পৰ্যটকৰ সংখ্যা ২০১৬ বৰ্ষতকৈ ২০১৭ বৰ্ষত প্ৰায় ১৪ লাখ বৃদ্ধি পাইছে।