অর্থনীতি

নেপালত নচলিব ভাৰতীয় নোট!

asomiyapratidin

ডিজিটেল ডেস্কঃ নেপাল চৰকাৰে দেশখনত বন্ধ কৰিছে ভাৰতীয় নোটৰ প্ৰচলন। এই নিৰ্দেশ জাৰি কৰিছে দেশখনৰ চৰকাৰে। উল্লেখ্য যে, ২০১৬চনত ভাৰত চৰকাৰে নতুন নোটৰ প্ৰচলন কৰাৰ পিছৰ পৰাই নেপালৰ বজাৰতো এই নোটৰ প্ৰচলন চলি আহিছে।

নেপালৰ জনসংযোগ মন্ত্ৰী গোকুল প্ৰসাদ বাস্তোটাৱে কয়- 'নেপাল চৰকাৰে ভাৰতীয় ১০০ টকীয়া নোটৰ বাহিৰে অৰ্থাৎ ২০০টকীয়া, ৫০০টকীয়া আৰু ২০০০ টকীয়া নোটৰ ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ দিছে। কাৰণ নেপালত ভাৰতীয় ২০০, ৫০০ আৰু ২০০০ টকীয়া নোটৰ প্ৰচলন বৈধ নহয়।'

চৰকাৰৰ এই সিদ্ধান্তই নেপালৰ পৰা ভাৰতলৈ কৰ্ম সূত্ৰে অহা নাগৰিক, পৰ্যটক তথা ভাৰতৰ পৰা নেপাললৈ কৰ্মসূত্ৰে যোৱা নাগৰিকসকলৰ বাবে কিছু অসুবিধাৰ সৃষ্টি হ'ব বুলি আশংকা কৰা হৈছে।