অর্থনীতি

পতনৰ দিশে বাংলাদেশ! অনুসৰণ কৰিলে শ্ৰীলংকাক…

asomiyapratidin

ডিজিটেল ডেস্ক : সংকটৰ দিন কাষ চাপি আহিছে বাংলাদেশৰ । মুদ্ৰাস্ফিতিয়ে অতি বেয়াকৈ জোকাৰি যোৱা দেশখনত অতি শীঘ্ৰেই হ'ব পাৰে অৰ্থনৈতিক পতন । যোৱা ৮ বছৰৰ ভিতৰত আটাইতকৈ বেছি অৰ্থাৎ ৭.৫৬ শতাংশত অৱস্থান কৰিছে বাংলাদেশৰ বৰ্ধিত মুদ্ৰাস্ফিতিয়ে । ২০২২ চনৰ, জুলাই মাহত আন্তৰ্জাতিক জাতীয় সংস্থাই প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, খাদ্যৰ নাটনিয়েও বাৰুকৈ জুৰুলা কৰিছে দেশখনক। ডলাৰৰ বিপৰিতে বাংলাদেশী টাকাৰ মূল্যবৃদ্ধিয়ে আন্ত:ৰাষ্ট্ৰীয় বজাৰৰ পৰা খাদ্য আৰু ফচল ক্ৰয়ত দেশখনক বাধা প্ৰদান কৰিব বুলিও ইতিমধ্যেই অনুমান কৰিছিল জাতীয় সংঘই।
ইয়াৰ কাৰণ আছিল আন্ত:ৰাষ্ট্ৰীয় বজাৰত টাকাৰ নাটনি। যি আন্তৰ্জাতিক মুদ্ৰা ফাণ্ডৰ পৰা বাংলাদেশক অতি শীঘ্ৰেই আতৰাই পঠিয়াব । যদিও ৬ আগষ্ট, শণিবাৰে বাংলাদেশ চৰকাৰে চৰকাৰী ৰাজসাহায্যৰ বোজা কমাবলৈ পেট্ৰ'ল আৰু ডিজেলৰ মূল্য প্ৰায় ৫০ শতাংশ বৃদ্ধি কৰিবলৈ বাধ্য হৈছে যদিও এই সিদ্ধান্তই কিন্তু মুদ্ৰাস্ফিতিত অধিক প্ৰভাৱ হে পেলাব বুলিহে মন্তব্য কৰিছে অৰ্থনীতিবিদসকলে ।
বাংলাদেশ চৰকাৰে ইতিমধ্যেই ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ বাবে আন্ত:ৰাষ্ট্ৰীয় বজাৰত খাদ্য আৰু শক্তি ক্ৰয়ৰ মূল্যবৃদ্ধিক দোষাৰোপ কৰি দায় সামৰিবলৈ চেষ্টা কৰে। দেশখনৰ চৰকাৰে আন্তৰ্জাতিক বজাৰত এক বৃহৎ পৰিমাণৰ ঋণৰ আবেদন কৰিছে যদিও বৰ্তমান শ্ৰীলংকাৰ সামগ্ৰিক পৰিস্থিতিলৈ লক্ষ্য ৰাখি এই ঋণ বাংলাদেশৰ ঠাইত শ্ৰীলংকাই পোৱাৰ সম্ভাৱনা অধিক । বাংলাদেশৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমান দেশখনত প্ৰতি লিটাৰ পেট্ৰ'লৰ দাম ১৩০ টাকা হোৱাৰ বিপৰিতে প্ৰতি লিটাৰ ৯৫-অ'ক্টেন পেট্ৰ'লৰ মূল্য হৈছেগৈ ১৩৫ টাকা। দেশখনৰ শক্তি মন্ত্ৰালয়ে দিয়া মন্তব্য অনুসৰি, বিগত ছয় মাহত বাংলাদেশ পেট্ৰ'লিয়াম কৰ্প'ৰেচনে ৮ বিলিয়ন টাকাৰ লোকচান বহন কৰিছে যাৰ ভাৰতীয় মূল্য প্ৰায় ৬৬৮ কোটি ।
উল্লেখ্য যে, ২০২১ চনৰ নবেম্বৰ মাহত খাৰুৱা তেলৰ মূল্য ২৩শতাংশ বৃদ্ধি পাইছিল বাংলাদেশত। যাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছিল যাতায়তৰ মাছুল বৃদ্ধিত । তাৰ পাছত এবছৰ নৌহওতেই আকৌ এবাৰ ইন্ধনৰ মূল্য ৫০ শতাংশ বৃদ্ধিয়ে দেশখনৰ জনতাৰ মূৰত মাধমাৰ শোধাব বুলি মন্তব্য কৰে বাংলাদেশ ৰাষ্ট্ৰীয় দলৰ মূখ্য সচিব জেনেৰেল মিৰ্জা ফকৰুল ইছলাম আলমগিৰে ।