অর্থনীতি

বিশেষ অফাৰ, flipkart ত কম মূল্যতে কিনক স্মাৰ্টফোন-লেপটপ

asomiyapratidin

ডিজিটেল ডেস্কঃ আগন্তুক গণতন্ত্ৰ দিৱসৰ উপলক্ষে অনলাইন খুচুৰা বিক্ৰেতা প্ৰতিষ্ঠান ফ্লিপকাৰ্টে গ্ৰাহক সকলৰ বাবে আগবঢ়াইছে বিশেষ অফাৰ। 'ৰিপ্লাৱিক ডে চেল' নামৰ এই অফাৰত গ্ৰাহক সকলে ক্ৰয় কৰিব পাৰিব ৰেহাই মূল্যত বিভিন্ন ইলেক্টনিক সা-সামগ্ৰী। বিশেষভাৱে ম'বাইল আৰু লেপটপত গ্ৰাহক সকলে বিশেষ অফাৰ লাভ কৰিব বুলি জনাইছে প্ৰতিষ্ঠানটোৱে। অহা ১৯ জানুৱাৰী নিশা ৮ বজাৰ পৰা আৰম্ভ হ'ব এই অফাৰ। এই অফাৰত এছ বি আই আৰু ডেবিট কাৰ্ডৰ জৰিয়তে সামগ্ৰী ক্ৰয় কৰা সকলৰ বাবে ১০ শতাংশ ৰেহাই প্ৰদান কৰিব ফ্লিপকাৰ্টে। ইয়াৰ লগতে গ্ৰাহক সকলে ই এম আইৰ জৰিয়তেও সামগ্ৰী ক্ৰয় কৰিব পাৰিব এই অফাৰত।

এই অফাৰত বিশেষ ভাৱে ৰেহাই মূল্যত উপলদ্ধ কেইটামান স্মাৰ্টফোন হ'ল-

  • Honor 10 lite ফোনটো ১৭,৯৯৯ টকাৰ পৰিৰ্ৱতে ক্ৰয় কৰিব পাৰিব ১৩,৯৯৯ টকাত ।
  • Zenfone 5z ফোনটো ৩২,৯৯৯ টকাৰ পৰিৰ্ৱতে ক্ৰয় কৰিব পাৰিব ২৪,৯৯৯ টকাত।
  • Max pro m1 ফোনটো ১০,০০০ টকাৰ পৰিৰ্ৱতে কিনিব পাৰিব ৮,৯৯৯ টকাত ।
  • নকিয়া ৬.১ প্লাছ ফোনটো ৰেহাই মূল্যত কিনিব পাৰিব ১৪,৯৯৯ টকাত ।