অর্থনীতি

কেন্দ্ৰীয় চৰকাৰে কৃষি আইন স্থগিত ৰাখকঃ উচ্চতম ন্যায়ালয়…

asomiyapratidin

ডিজিটেল ডেস্কঃ কৃষি আইনৰ বিৰুদ্ধে অৱ্যাহত থকা কৃষক বিক্ষোভৰ মাজতে উচ্চতম ন্যায়ালয়ে সোমবাৰে কয় যে কেন্দ্ৰীয় চৰকাৰে এই আইনখন স্থগিত ৰাখক, অন্যথা উচ্চতম ন্যায়ালয়ে এই আইনৰ স্থগিত ৰখাৰ ব্যৱস্থা কৰিব। উচ্চতম ন্যায়ালয়ে কয় যে যিদৰে কেন্দ্ৰীয় চৰকাৰে কৃষক আন্দোলনৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সেই লৈ উচ্চতম ন্যায়ালয় একেবাৰে সন্তুষ্ট নহয়।

মুখ্য ন্যায়াধীশ এছ এ বোবৰে কয় যে মাহধৰি চলি থকা এই আন্দোলনৰ বৰ্তমানলৈ কোনো সমাধান ওলোৱা নাই। চৰকাৰৰ স্থিতিক লৈ তেওঁলোক যথেষ্ট নিৰাশ বুলি মন্তব্য কৰি তেওঁ কয় যে চৰকাৰে কৈছে তেওঁলোকে কৃষকৰ সৈতে আলোচনা কৰি আছে, যদি কৰিছে কি কৰিছে বুলিও তেওঁ প্ৰশ্ন কৰে চৰকাৰক।

ন্যায়ালয়ে কয় যে যদি চৰকাৰে এই আইনখন স্থগিত ৰখাৰ ক্ষেত্ৰত নেতৃত্ব নল'লে তেওঁলোকে নিজে আইনখন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিব।উচ্চ ন্যায়ালয়ে লগতে দিনে দিনে বৃদ্ধি পোৱা জটিল পৰিস্থিতিকলৈয়ো উদ্বেগ প্ৰকাশ কৰিছে। কৃষকৰ আত্মহত্যা, পানীৰ অসুবিধা, সামাজিক দূৰত্ব মানি নচলা বিষয়বোৰৰ প্ৰসংগ উল্লেখ কৰি ন্যায়ালয়ে কৃষক মহিলা আৰু বয়োজেষ্ঠ সকলেও আন্দোলনত অংশ লোৱাৰ কথা উল্লেখ কৰে। ন্যায়ালয়ে কৃষক সংগঠন সকলকো কিয় মহিলা আৰু বুঢ়ালোকক আন্দোলনত অংশ লোৱাব লগা হ'ল বুলিও প্ৰশ্ন কৰে।