অর্থনীতি

ডিমৌত মেড ইন ইণ্ডিয়া নহয়, মেড ইন হোম

asomiyapratidin

ডিজিটেল ডেস্কঃ শিৱসাগৰ জিলাৰ ডিমৌৰ ডঃ দীপক নাথে নিৰ্মাণ কৰি উলিয়াইছে এটি নতুন যন্ত্ৰ। হাফলঙত কৰ্মৰত ৰেচম বিভাগৰ এইজন উচ্চপদস্থ চৰকাৰী বিষয়া। থলুৱা হাঁহ-কুকুৰাৰ ব্যৱসায়িক ভিত্তিত উৎপাদন কৰি বহিৰাগত কোম্পানীক প্ৰত্যাহ্বান জনাব তেওঁ নিৰ্মাণ কৰা যন্ত্ৰটোৱে।

ঘৰত ব্যৱহৃত সামগ্ৰীৰে ডঃ দীপক নাথে নিৰ্মাণ কৰি উলিয়াইছে যন্ত্ৰটো। যিটো যন্ত্ৰৰে আধুনিক পদ্ধতিৰে থলুৱা হাঁহ-কুকুৰা আদিৰ কণীৰে পোৱালি জন্ম দিব পাৰি। বজাৰত এই ধৰণৰ দুশৰ পৰা তিনিশ কণী ওমনি দিব পৰা যন্ত্ৰ অৰ্থাৎ ইনকুবেটৰ উপলব্ধ যদিও ইয়াৰ মূল্য চল্লিশৰ পৰা পঞ্চাশ হেজাৰ টকা।

ইয়াৰ বিপৰীতে ডঃ দীপক নাথে ঘৰুৱা সামগ্ৰীৰে নিৰ্মাণ কৰি উলিওৱা যন্ত্ৰটোৰ মূল্য মাথোঁ তিনি হাজাৰ ছশ টকা। স্থানীয় হাঁহ-কুকুৰাৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ লগতে প্ৰয়োজন অনুসাৰে উৎপাদন নোহোৱাৰ সময়ত এনে ধৰণৰ কম পৰিসৰৰ ইনকুবেটৰ মেচিনে প্ৰভূত অৰিহণা যোগাব বুলি আশা কৰিব পাৰি।

লগতে কম খৰচত ঘৰৰ ভিতৰতে ব্যৱহাৰ কৰিব পৰা এই ইনকুবেটৰে গ্ৰাম্য অৰ্থনীতিত এক নৱ বিপ্লৱৰ সূচনা কৰিব। এই যন্ত্ৰটো নিবনুৱা যুৱক-যুৱতীক স্বাৱলম্বী হোৱাত সহায়ক হ'ব।