অর্থনীতি

প্ৰতিলিটাৰ পেট্ৰ’ল-ডিজেলত বৃদ্ধি পাব ২.৫০ আৰু ২.৩০ টকা

asomiyapratidin

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০১৯-২০ বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰাৰ পাছত বৃদ্ধি পাব পেট্ৰ'ল ডিজেলৰ মূল্য। প্ৰতিলিটাৰ ডিজেলত ২.৩০ টকা বৃদ্ধি পোৱাৰ বিপৰীতে পেট্ৰ'লত প্ৰতিলিটাৰত বৃদ্ধি পাব ২.৫০ টকাকৈ।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে বাজেটত ঘোষণা কৰিছিল পেট্ৰ'ল আৰু ডিজেলত আবকাৰী শুল্ক বৃদ্ধি কৰাৰ কথা। তাৰ পিছতে পেট্ৰ'ল-ডিজেলৰ এই মূল্যবৃদ্ধি হ'ব।