অর্থনীতি

শুকুৰবাৰৰ পৰা ৩ দিনৰ বাবে বন্ধ বেংক…

asomiyapratidin

ডিজিটেল ডেস্কঃ শুকুৰবাৰৰ পৰা ৩ দিনৰ বাবে অচল হৈ পৰিব বেংক সেৱা। ২ দিনৰ বাবে বেংক এম্প্লয়িজ ইউনিয়নে পালন কৰিব ৰাষ্ট্ৰজোৰা বেংক ধৰ্মঘট। ঠিক তেনেদৰে ২ ফেব্ৰুৱাৰীত দেওবাৰে হোৱাৰ বাবে বেংক বন্ধ থাকিব। ভাৰতীয় বেংক এছ'চিয়েশ্যনৰ সৈতে হোৱা আলোচনা বিফল হোৱাৰ পিছতে এই ধৰ্মঘটৰ সিদ্ধান্ত লয় ইউনিয়নে। উল্লেখ্য যে, ৮ জানুৱাৰীতো বেংক এম্প্লয়িজ ইউনিয়নে পালন কৰিছিল ধৰ্মঘট কাৰ্যসূচী।

এই ধৰ্মঘটৰ সময়চোৱাত বিভিন্ন অসুবিধাৰ সন্মুখীন হ'ব পাৰে সাধাৰণ ৰাইজ। ইফালে ১ ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দ্বিতীয় বাৰৰ বাবে দাখিল কৰিব বাজেট। ইউনাইটেড ফৰাম অৱ বেংক ইউনিয়নৰ সৈতে বৈঠকত বহি ভাৰতীয় বেংক এছ'চিয়েশ্যনে কোনো সুফল নোপোৱাৰ পিছতে ধৰ্মঘটৰ সিদ্ধান্ত লোৱা হৈছিল।