অর্থনীতি

ব্যয় নোহোৱা পুঁজি উভতি যাব কেন্দ্ৰলৈ, আনহাতে ঋণত পোত গৈছে ৰাজ্য চৰকাৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : প্ৰতিটো বিত্তীয় বৰ্ষত প্ৰতিখন ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেন্দ্ৰই ধাৰ্য কৰি দিয়া এক পুঁজি মুকলি কৰি দিয়া হয় ৰাজ্যসমূহৰ বাবে । এই পুঁজিৰ সঠিক ব্যয়ৰ দায়িত্ব ৰাজ্য চৰকাৰৰ ওপৰত ন্যস্ত থাকে । কেৱল সঠিক ব্যয়েই নহয় বৰং ব্যৱহাৰিক প্ৰমাণপত্ৰও দাখিল কৰিব লাগে কেন্দ্ৰক ।

তথ্য অনুসৰি চলিত ২০২২-২৩ বিত্তীয় বৰ্ষত অসমৰ বাবে ধাৰ্য কৰা হৈছিল প্ৰায় ১ লাখ ২৯ হেজাৰ ৪৬০ কোটি টকা । আনহাতে বিগত বৰ্ষৰ ডিছেম্বৰ মাহলৈ অসমে এই পুঁজিৰ কেৱল ৫৬.৩৪ শতাংশহে ব্যয় কৰিবলৈ সক্ষম হৈছিল । যি প্ৰায় ৭২ হেজাৰ ৯৩৬ কোটি টকা । যাৰ বাবে এতিয়া অব্যৱহৃত ধন ৰাজ্য চৰকাৰক উভতাই দিবলৈ নিৰ্দেশ দিছে কেন্দ্ৰই ।

উল্লেখ্য যে, ভাৰতীয় নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষকে ইতিপূৰ্বে ৰাজ্যৰ বিত্তীয় হিচাপ পৰীক্ষা কৰি দাখিল কৰা প্ৰতিবেদনতে এই কথা উনুকিয়াই দিছিল যে যোৱা পাঁচ বছৰ ধৰি ৰাজ্য চৰকাৰে ব্যৱহাৰিক প্ৰমাৰণপত্ৰ দাখিল কৰিবলৈ থকা পুঁজিৰ পৰিমাণ ক্ৰমাৎ বৃদ্ধি পাইছে ।

এতিয়া প্ৰশ্ন হয়, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ অসমে বিভিন্ন কেন্দ্ৰীয় শিতানত পাব লগীয়া পুঁজি মুকলি কৰি দিবলৈ কেন্দ্ৰক অনুৰোধ কৰাৰ সময়তেই বিত্ত বিভাগৰ এই নিৰ্দেশনা কিয় ? যি সময়ত ৰাজ্যত বিভিন্ন বিভাগত ধনৰ অভাৱৰ কথা সততেই সংবাদ মাধ্যমত পৰিলক্ষিত হয়, যি সময়ত উন্নয়নৰ অভাৱত ৰোগীয়ে মৃত্যুক সাৱটি লয়, শিক্ষাৰ্থীয়ে উপযুক্ত শিক্ষা লাভৰ পৰা বঞ্চিত হয় সেই সময়ত পুঁজি ব্যৱহাৰ কৰিব নোৱাৰি উভতাই পঠিওৱাটো কিমান যুক্তিসংগত ?