অর্থনীতি

ভটভটী নাও বন্ধ, বজাৰত বাঢ়িছে শাক-পাচলিৰ মূল্য

asomiyapratidin

ডিজিটেল ডেস্কঃ উত্তৰ গুৱাহাটীৰ নাও দুৰ্ঘটনাৰ পাছতেই আভ্যন্তৰীণ জল পৰিবহণ বিভাগে প্ৰথমে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ চলাচল কৰা ভটভটী নাও চলাচল বন্ধ কৰিছিল। তাৰপাছত পৰ্যায় ক্ৰমে বন্ধ কৰিছিল ৰাজ্যৰ ভিন্ন প্ৰান্তত চলি থকা ভটভটী নাও সেৱা। ইয়াৰ ফলত চৰাঞ্চলত বসবাস কৰা বহু লোকৰ যোগাযোগৰ একমাত্ৰ মাধ্যম এই নাওসমূহৰ চলাচল যোৱা ১১ ছেপ্টেম্বৰৰ পৰা বন্ধ হৈ আছে।

২০১১চনৰ লোকপিয়লৰ তথ্য অনুসৰি ৰাজ্যৰ ধুবুৰী জিলাতেই সৰ্বাধিক ৪৮০টা চৰাঞ্চল আছে। এই অঞ্চলসমূহত বাস কৰা লোকসকলে এতিয়া বহিঃবিশ্বৰ সৈতে যোগাযোগ বিহীন হৈ পৰিছে। বংশী, পুৰাৰ চৰ, নাটীনিৰ নগলা, বৃন্দাখোৱা, ছৈতানমাৰী, কলিয়াবাৰী, ছুলটামাৰী আদি চৰাঞ্চলবাসী এতিয়া সেই অঞ্চলসমূহতে আৱদ্ধ হৈ পৰিছে। ইফালে, এই চৰসমূহেদি নাও চলাচল বন্ধ কৰি দিয়াৰ ফলত ৰাজ্যৰ  বজাৰত শাক-পাচলিৰ অভাৱো দেখা দিছে।

লক্ষণীয় যে, ৰাজ্যৰ বিভিন্ন বজাৰলৈ চৰাঞ্চলৰ পৰাই যথেষ্ট সংখ্যক শাক-পাচলি আহে। ইয়াৰ সুবিধা গ্ৰহণ কৰি শাক-পাচলি পাইকাৰী বেপাৰী সকলেও খুব কৌশলেৰে শাক-পাচলিৰ মূল্যবৃদ্ধি কৰিছে। গোৱালপাৰাৰ কাছাৰীঘাটত গঢ় লৈ উঠা এখন পাচলি বজাৰ এতিয়া ভটভটীয়া নাও বন্ধ কৰি দিয়াৰ পাছত বন্ধ হৈয়ে আছে। লক্ষণীয় যে, এই পাচলি বজাৰখনলৈ চৰাঞ্চলৰ পৰাই শাক-পাচলি ভটভটী নাৱৰে আহিছিল।