অর্থনীতি

মুদ্ৰাস্ফীতিৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষত অসম

asomiyapratidin

ডিজিটেল ডেস্কঃ যি সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰি পেলাইছে, সেই সময়তে কেন্দ্ৰীয় পৰিসংখ্যা আৰু আঁচনি ৰূপায়ন মন্ত্যালয়ৰ প্ৰতিবেদনত অসমৰ এক উদ্বেগজনক তথ্য প্ৰকাশ পাইছে। শেহতীয়াকৈ মন্ত্ৰালয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি চলিত বৰ্ষৰ অক্টোবৰ মাহত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৩.৩১ %।

ৰাজ্যিক পৰ্যায়ত মুদ্ৰাস্ফীতিৰ হাৰ বৃদ্ধিৰ ফালৰ পৰা শীৰ্ষ স্থানত আছে অসম। মাত্ৰ দুমাহ পাছত অৰ্থাৎ অক্টোবৰত অসমত মুদ্ৰাস্ফীতিৰ হাৰ হয়গৈ ৬.০৩ %। ২০১৮ৰ অক্টোবৰ মাহত অসমত সূচকাংক ১৪২.৪ হোৱাৰ বিপৰীতে ২০১৭ৰ অক্টোবৰ মাহত এই পৰিমাণ আছিল ১৩৪.৩।

অসমৰ গ্ৰামাঞ্চলত যোৱা অক্টোবৰ মাহত ১৪৩.৭ সূচকাংক হোৱাৰ বিপৰীতে ২০১৭চনৰ এই সময়চোৱাত আছিল ১৩৪.৯ সূচকাংক। ৰাজ্যৰ গ্ৰামাঞ্চলত মুদ্ৰাস্ফীতিৰ হাৰ হয়গৈ ৬.৫২ %। অসমৰ নগৰাঞ্চলতো চলিত বৰ্ষৰ অক্টোবৰ মাহত মুদ্ৰাস্ফীতিৰ হয় হয়গৈ ৪.২৪ %। বিগত মাহৰ তথ্য অনুসৰি দেশখনৰ ভিতৰতে মুদ্ৰাস্ফীতিৰ হাৰ সৰ্বাধিক হৈছে অসমত।

ইফালে, মুদ্ৰাস্ফীতিৰ হাৰত অসম শীৰ্ষ স্থানত থকাৰ বিপৰীতে ৫.০১ %ৰে দ্বিতীয় স্থানত বিহাৰ, ৫ %ৰে উত্তৰাখণ্ড তৃতীয় স্থানত, ৪.৯৩ %ৰে চতুৰ্থ স্থানত পশ্চিমবংগ আৰু ৮.৭৭ %ৰে পঞ্চম স্থানত জম্মু-কাশ্মীৰ আছে।