অর্থনীতি

অসমৰ গ্ৰাম্যজীৱন ধ্বংস কৰিব বিচাৰিছে বিজেপি চৰকাৰেঃ গাঁৱত ঘৰ নিৰ্মাণ, দোকান আদিত কৰ আৰোপ কৰাক লৈ অখিল গগৈৰ মন্তব্য..

asomiyapratidin
  • অসম বিধানসভাৰ ভিতৰত অখিল গগৈৰ প্ৰতিবাদ।
  • গ্ৰামাঞ্চলত গৃহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কৰ আৰোপ কৰাৰ বাবে প্ৰতিবাদ অখিল গগৈৰ।
  • তেওঁৰ এই প্ৰতিবাদৰ বাবেই অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ সকীয়নী প্ৰদান।
  • এই বিষয়ত বিধানসভাৰ বাহিৰত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়কগৰাকীৰ।
  • গ্ৰামাঞ্চলত ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত পঞ্চায়তৰ অনুমতি লোৱাৰ ব্যৱস্থাৰ তীব্ৰ প্ৰতিবাদ কৰিছো।
  • ঘৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত পঞ্চায়ত কৰ আৰোপ কৰা বিষয়টোক কোনো কাৰণতে মানি লোৱা নহ'ব।
  • গ্ৰামাঞ্চলত দোকান, ক্ষুদ্ৰ ব্যৱসায়, উদ্যোগ স্থাপন আদিৰ ক্ষেত্ৰতো পঞ্চায়তক কৰ প্ৰদান কৰাৰ ব্যৱস্থাৰ বিৰোধিতা কৰিছো।
  • কোৰোনামহামাৰী, লকডাউনে যিসময়ত দেশৰ অৰ্থনীতি ভাঙি চূৰমাৰ কৰিছে সেই সময়ত গাঁৱৰ মানুহৰ ঘৰ, দোকানৰ ওপৰত কৰ আৰোপ কৰা বিষয়টো মানি ল'ব নোৱাৰো।
  • এই ব্যৱস্থা সম্পূৰ্ণৰূপে জাতিবিদ্বেষী, জাতি ধ্বংসী, গ্ৰাম্যজীৱন ধ্বংস কৰাৰ এক ব্যৱস্থা।
  • বিজেপি চৰকাৰে অসমৰ গ্ৰাম্য জীৱন ধ্বংস কৰিব বিচাৰিছে।
  • এই মন্তব্য অখিল গগৈৰ।