অর্থনীতি

বাঢ়িব গুটখা, চিগাৰেট, সুৰাৰ দাম…

asomiyapratidin

আজি কেন্দ্রীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত ২০১৯-২০ বৰ্ষৰ বিত্তীয় বাজেট দাখিল কৰে। বিত্তীয় বাজেট-২০১৯ অনুসৰি বিভিন্ন সামাগ্ৰীৰ দাম হ্ৰাস হোৱাৰ বিপৰীতে বিভিন্ন সামগ্ৰীৰ মূল্য বৃদ্ধি পাব। চি চি টিভি কেমেৰা, এয়াৰ কণ্ডিশ্যনাৰ, লাউড স্পীকাৰ, কাজু জাতীয় সামগ্ৰী, টাইলছ আৰু ষ্টেইনলেছ ষ্টীল আদি সামগ্ৰীৰ ওপৰত থকা বীমা শুল্ক বৃদ্ধি কৰা হয় বাজেটত। সুৰাৰ ওপৰত আৰোপিত আবকাৰী শুল্কৰ পৰিমান বৃদ্ধি কৰাৰ ফলত বিয়েৰ, ৰাম, হুয়িস্কিৰ দামো পূৰ্বৰ তুলনাত বৃদ্ধি পাব। বাজেট অনুসৰি বৃদ্ধি পোৱা আন সামগ্ৰীসমূহ হৈছে-

দাম বাঢ়িল-

১. ভিডিঅ ৰেকডাৰ

২. মাৰ্বল

৩. ইলেক্টনিক সামগ্ৰী

৪, সোণ

৫. পেট্ৰল-ডিজেল

৬. গাড়ীৰ পাৰ্টছ

৭. গুটখা

৮.বিড়ি

৯. পান মচলা

১০. চিগাৰেট

দাম কমিলঃ

১. গৃহ ঋণ

২. ইলেক্টিক বাহন