অসম

তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়াৰ ফলত দুই যুৱকৰ কৰুণ মৃত্যু…

asomiyapratidin

ডিজিটেল সংবাদ নগাঁও: নগাঁৱৰ উৰিয়াগাঁৱত মঙলবাৰে নিশা প্ৰায় ১১ বজাত সংঘটিত এক দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুজনকৈ যুৱকে। নিশাৰ ৰাজপথত ট্ৰাকচালকৰ দৌৰাত্ম্যৰ বাবেই অকালতে এই দুই যুৱকে মৃত্যুক সাৱতি ল'ব লগা হ'ল।
গুৱাহাটীৰ দিশৰ পৰা উজনি অসম অভিমুখে বাইকত গৈ থকা যুৱক দুজনক বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়াৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়।

উৰিয়াগাঁৱৰ পৰা পুৰণিগুদামৰ কাখৰি গাঁৱলৈকে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ পিছতো একাংশ ট্ৰাকচালকে নিশা ভুল দিশেৰে বাহন চলা চল কৰি থকাৰ ফলত সঘনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে । মঙলবাৰে নিশা সংঘটিত এই দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে মৃত যুৱক দুজনে ব্যৱহাৰ কৰা বাইকখন ট্ৰাকৰ চেপাত চূৰ্ণ-বিচুৰ্ণ হৈ পৰিছিল। আনকি মটৰচাইকেল খনৰ নাম্বাৰ প্লেটো সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ পৰিছিল।

যাৰ বাবে আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাইক আৰোহীৰ পৰিচয় উদ্ধাৰ কৰাত প্ৰথম অৱস্থাত অসুবিধাৰ সন্মুখীন হয়। পৰৱৰ্তী সময়ত মৃত যুৱকদ্বয়ৰ এজনক ৰিংকু মেধী বুলি চিনাক্ত কৰে আৰক্ষীয়ে। আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ণ কৰে দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ চালকে।