অসম

চিকিৎসাৰ বাবে জুবিনক নিয়া হ’ব মুম্বাইলৈ…

asomiyapratidin

ডিজিটেল ডেস্কঃ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ থকা জুবিন গাৰ্গক উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ নিয়াৰ প্ৰস্তুতি চলিছে। পৰিয়াল তথা ঘনিষ্ঠ মহলৰ এক সূত্ৰই শিল্পীজনক মুম্বাইলৈ উন্নত চিকিৎসাৰ বাবে নিয়াৰ কথা জনাইছে।

দুই-তিনিদিনৰ ভিতৰতে শিল্পীজনক মুম্বাইলৈ নিয়া হ'ব বুলিও জানিব পৰা গৈছে। বৰ্তমান জুবিন সুস্থ হৈছে যদিও স্নায়ুজনিত দুৰ্বলতাৰ বাবে তেওঁক সম্পূৰ্ণ সুস্থ কৰি তুলিবলৈ মুম্বাইলৈ নিয়া হ'ব বুলি সূত্ৰটোৱে জানিবলৈ দিছে। মুম্বাইত থকা একাংশ শিল্পীয়েও এই ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিছে।

এইখিনিতে উল্লেখযোগ্য যে, জুবিনৰ বৃক্ক, যকৃতকে ধৰি দেহৰ সকলোবোৰ অংগই সুচলভাৱে কাম কৰি আছে। সেইবোৰত কোনো জটিলতা নাই। কিন্তু স্নায়ুজনিত কিছু সমস্যা থকাৰ বাবে ইয়াৰ সঠিক চিকিৎসাৰ বাবে এই পদক্ষেপ লোৱা হৈছে বুলি সূত্ৰটোৱে সদৰী কৰিছে।