অসম

বিজেপি এৰি কেব বিৰোধী আন্দোলনত যোগ দিবলৈ যতীন বৰাক আহ্বান জুবিনৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ ছবিজগতৰ নায়ক যতীন বৰা বাস্তৱত খলনায়ক নেকি? নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্য উত্তাল হৈ থকা সময়তে ডিব্ৰুগড়ত এক সংবাদমেল সম্বোধন কৰি জুবিন গাৰ্গে অভিনেতা যতীন বৰাক বিজেপি এৰি ৰাইজৰ মাজলৈ আহিবলৈ আহ্বান জনায়।

জুবিনে কয়- বিজেপিত যোগদান কৰি যতীন বৰাই চাকৰি ল'লে। গতিকে এতিয়া ৰাইজৰ মাজলৈ আহিব পৰা নাই। এইবোৰ কথা যতীনৰ ব্যক্তিগত কথা বুলি উল্লেখ কৰি জুবিনে কয়- তেওঁ সদায় ৰাইজৰ পক্ষত থাকিব।

যতীন বৰাই কি ভাবিছে নাজানো বুলি উল্লেখ কৰি জুবিনে তেওঁ বিজেপিত থকা হ'লে জাতীয় স্বাৰ্থত পদত্যাগ কৰিলো হেতেন বুলি মন্তব্য কৰে। মন্ত্ৰী হৈ থকা হ'লেও পদত্যাগ কৰি জাতিৰ কাষত থাকিলো হয় বুলি উল্লেখ কৰে গায়কগৰাকীয়ে।

ইফালে, জুবিনৰ এই আহ্বানৰ পাছত যতীন বৰাই কি প্ৰতিক্ৰিয়া ব্যক্ত কৰে সেয়া লক্ষণীয় হ'ব। কেব বিৰোধী আন্দোলনত ইতিমধ্যে জঁপিয়াই পৰিছে ৰাজ্যৰ শিল্পী, সাহিত্যিক, চিন্তাবিদ তথা জাতীয় দল-সংগঠনসমূহ।

বিভিন্ন মহাবিদ্যালয় তথা শিক্ষানুষ্ঠানৰ ছাত্ৰ সমাজেও এই জাতিনাশী বিধেয়কখনৰ বিৰুদ্ধে জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। তেনে সময়তে এচাম শিল্পী-সাহিত্যিকে আজিও মৌনতা গ্ৰহণ কৰিছে বিধেয়কখনৰ বিৰুদ্ধে।