''বাৰে বাৰে আন্দোলন হয়, আমাৰ ল'ৰা-ছোৱালী মৰে,মই আৰু মৰিব নিদিওঁ''- জুবিন
''বাৰে বাৰে আন্দোলন হয়, আমাৰ ল'ৰা-ছোৱালী মৰে,মই আৰু মৰিব নিদিওঁ''- জুবিন 
অসম

''বাৰে বাৰে আন্দোলন হয়, আমাৰ ল'ৰা-ছোৱালী মৰে,মই আৰু মৰিব নিদিওঁ''- জুবিন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী আইন আন্দোলনৰ অন্যতম নেতৃত্ববহনকাৰী শিল্পী জুবিন গাৰ্গে শেহতীয়াকৈ দেশজুৰি কাৰ্যকৰী হোৱা নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত তেওঁৰ স্থিতি স্পষ্ট কৰিছে। ২০১৭ চনৰ পৰাই তেওঁ এই আইনৰ বিৰুদ্ধে মাত মাতি আহিছোঁ বুলি উল্লেখ কৰি এই কোনো কাৰণতে মানি নলও বুলিও জনাইছে।

তেওঁ নিজৰ সামাজিক মাধ্যমৰ জৰিয়তে এই সন্দৰ্ভত এক বিজ্ঞপ্তি জাৰি কৰিছে। য'ত তেওঁ ৰাজনীতি বেয়া পাওঁ বুলি কৈ তেওঁ নিজৰ পূৰ্বৰ স্থিতিত অটল থকাৰ কথাও দোহাৰে।

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইনৰ বিধি দেশজুৰি কাৰ্যকৰী হোৱাৰ পাছৰে জুবিন গাৰ্গৰ স্থিতিৰ সন্দৰ্ভত বিভিন্ন প্ৰশ্ন উত্থাপন হৈ আহিছিল। সামাজিক মাধ্যমত তেওঁ সমালোচনাৰো সন্মুখীন হৈছিল। তাৰ মাজতে জুবিনে মঙ্গলবাৰে দিছপুৰ প্ৰেছ ক্লাৱত তেওঁৰ আগন্তক চিনেমা 'চিকাৰ'ৰ সন্দৰ্ভত এক সংবাদ মেল সম্বোধন কৰে। ইয়াৰ পিছতে তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে 'কা'ৰ সন্দৰ্ভত তেওঁৰ স্থিতি ৰাজহুৱা কৰে।

''কা'ৰ বিষয়ে মোৰ ক'বলগীয়া'' শীৰ্ষক শিৰোনামেৰে লিখা এই বিজ্ঞপ্তিত তেওঁ লিখিছে- 'কা'ৰ বিষয়ে মই ২০১৭ চনৰ পৰাই মাত মাতি আহিছোঁ, যেতিয়া সেইখন 'কেব' আছিল। মোৰ প্রায় সকলো অনুষ্ঠানতেই মই মাত মাতিছিলোঁ। 'কা'বিৰোধী আন্দোলনতো মই লাগিছিলোঁ। 'কা'ৰ ক্ষেত্ৰত মোৰ স্থিতি এতিয়াও একেই- 'কা' মই নামানো, এইখন এখন অদৰকাৰী আইন।

মই ৰাজনীতি কৰা মানুহ নহয়। মই ৰাজনীতি বেয়া পাওঁ। মই 'কা' বিৰোধ কৰিছিলোঁ আৰু তাত কোনো লৰ-চৰ নাই। কোন মানুহ কোন পার্টীত আছে মই নাজানো। মই নিজৰ জেগাত আছোঁ। যদি মানুহে মোক নুবুজে, তেনেহ'লে মোৰ উপায় নাই। মই নিজৰ ঠাইত নিজৰ আদৰ্শত কাম কৰি যাম।

সৰুৰে পৰাই দেখিছোঁ বাৰে বাৰে আন্দোলন হয়, আমাৰ ল'ৰা-ছোৱালী মৰে। অসম আন্দোলনত ইমান মানুহ মৰিলে, আলফাৰ সময়ত হাজাৰ হাজাৰ মানুহ মৰিলে। 'কা' আন্দোলনতো পাঁচটা ল'ৰা মৰি গ'ল।

মই আৰু ল'ৰা মৰিব নিদিওঁ। অসমত আৰু ল'ৰা-ছোৱালী মৰিব নালাগে। কিন্তু প্রতিবাদ লাগিব। 'কা'ৰ বিৰূদ্ধে প্রতিবাদ কৰিবই লাগিব। প্রতিবাদ কৰাৰ বিভিন্ন উপায় থাকে। মই নিজৰ ধৰণে প্রতিবাদ কৰি যাম 'কা'ৰ বিপক্ষে। মঞ্চত, বা ছ'চিয়েল মিডিয়াত- য'ত যেনেকৈ পাৰোঁ।

মই যিটো দেখিছোঁ চৰকাৰে জোৰ-জবৰদস্তি কৰি 'কা' আনি হুলস্থূল কৰিলেও অসমৰ মানুহে মনৰ পৰা কেতিয়াও 'কা' মানি নলয়। 'কা' সফল হ'ব নোৱাৰে। সেয়ে অদৰকাৰী হাল্লা কৰি লাভ নাই। অসমত হিন্দু-মুছলিম নচলে। কোনো শিল্পীয়ে জাত-পাত-ধৰ্মৰ বিভাজন মানি নলয়। অসমত অসমৰ মানুহ থাকিব, ভাৰতৰ মানুহ থাকিব। বাহিৰৰ মানুহ আনিব খুজি লাভ নাই- চিধা কথা।

তাতকৈয়ো ডাঙৰ কথা- ছুপ্রীম ক'ৰ্টত 'কা'ক লৈ কেছ চলি আছে। সোনকালেই hearing হ'ব বুলিও শুনিছোঁ। মই সেইটোত সহায় কৰিব বিচাৰোঁ। আইনৰ ওপৰত মোৰ বিশ্বাস আছে। আমি কেছটো সকলোৱে মিলি যিমান পাৰি ভালকৈ খেলিব লাগে। আমি একেলগে ক'ৰ্টত যুদ্ধ কৰিম- আৰু আমি জিকিম।

আমি জিকিমেই 'কা' বাতিল হ'বই। 'কা' কেতিয়াও সফল হ'ব নোৱাৰে। জয় আই অসম। ( অসম্পাদিত ৰূপ)