অসম

২৩ জানুৱাৰীত লতাশিলত জুবিনে কিয় জেং কৰিব? চাওক VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, বঙাইগাওঁঃ ২৩ জানুৱাৰীত লতাশিলত জেং কৰিব জুৱিনে! নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত বিভিন্ন দল-সংগঠনৰ সৈতে ২৩ জানুৱাৰীত লতাশিলত এক প্ৰতিবাদী কাৰ্যসূচীত অংশ ল'ব৷ তাত পুনৰ জেং কৰিব বুলি সংবাদমাধ্যমত মন্তব্য কৰে জুবিনে৷

শুকুৰবাৰে নিশা বঙাইগাঁৱৰ বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ সামৰণী অনুষ্ঠানত অংশ লৈ এই কথা সদৰি কৰে জুবিনে৷ আনহাতে বিজেপিৰ সভাপতি ৰঞ্জিত দাসে জুবিনক লৈ কৰা মন্তব্যক প্ৰত্যুত্তৰ দি কয় যে- মই যি কওঁ সঁচা কওঁ৷ তেওঁ যদি কিবা কৈছে তেন্তে ভুল কৈছে৷