PM Kishan
PM Kishan 
অসম

জিৰ' বেলেঞ্চ একাউণ্ট খুলি লাভ কৰক পি এম কিষাণৰ ধন...

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰ : ১৭ অক্টোবৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে মুকলি কৰে পি.এম.কিষানৰ ১২ নম্বৰ কিস্তিৰ ধন। ইয়াৰ পিছতে ৰাজ্যৰ কৃষকৰ একাউণ্টলৈ হস্তান্তৰ কৰা হৈছে পি.এম.কিষাণ আঁচনিৰ ধন।

কৃষকসকলৰ ভিতৰত একাংশই ধন লাভ কৰাৰ পৰিৱৰ্তে নিজৰ প্ৰাপ্য লাভৰ পৰা বঞ্চিত হৈছে আন একাংশ যোগ্য কৃষক। বেংক একাউণ্ট সম্বন্ধীয় ভিন্ন ধৰণৰ কাৰিকৰী অসুবিধাৰ বাবে এইসকল কৃষকে পি.এম.কিষাণৰ ধন লাভৰ পৰা বঞ্চিত হোৱা বুলি মত প্ৰকাশ কৰিছে বিভাগীয় কৰ্তৃপক্ষই।

বেংক একাউণ্ট সম্বন্ধীয় জটিলতাৰ বাবে এইসকল যোগ্য কৃষকৰ একাউণ্টলৈ ধন হস্তান্তৰ কৰিবলৈ অপাৰগ বেংক কৰ্তৃপক্ষ। গতিকে এইসকল যোগ্য কৃষকৰ বাবে কৃষি বিভাগে গ্ৰহণ কৰিছে আন এক পদক্ষেপ। কিস্তি লাভৰপৰা বঞ্চিত যোগ্য কৃষসকলে ইণ্ডয়া পোষ্ট পেমেণ্ট বেংকত জিৰ' বেলেঞ্চ একাউণ্ট খুলি লাভ কৰিব পাৰিব পি.এম.কিষাণৰ ধন।

গতিকে পি.এম.কিষানৰ ধন লাভৰপৰা বঞ্চিত কৃষকসকলক শীঘ্ৰেই জিৰ' বেলেঞ্চ একাউণ্ট খুলি আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান কোকৰাঝাৰ জিলা কৃষি বিভাগৰ। হিতাধিকাৰীয়ে আধাৰ কাৰ্ড আৰু মোবাইল নম্বৰ জমা দি ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত একাউণ্ট খুলিব পাৰিব অন্যথা এই ক্ষেত্ৰত যিকোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'লে নিজ নিজ এলেকাৰ কৃষি সম্প্ৰসাৰণ সহায়কক যোগাযোগ কৰিবলৈ আহ্বান জিলা কৃষি বিভাগৰ।