অসম

যুৱ সাংবাদিক সন্থা, অসমৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী মহানগৰীত অসম সাহিত্য সভাৰ তত্বাৱধানত থকা সাহিত্যাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত দেওবাৰে দুপৰীয়া ১২ বজাত আৰম্ভ হৈছে যুৱ সাংবাদিক সন্থা, অসমৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান। ইতিপূৰ্বে পুৱা ৯.৩০ বজাত সন্থাৰ সভাপতি চন্দন দাসে পতাকা উত্তোলন কৰাৰ পিছত ১০ বজাত সাংবাদিক শ্বহীদৰ তৰ্পন কাৰ্যসূচী মুকলি কৰে সাধাৰণ সম্পাদক কাঞ্চনজ্যোতি গোহাঁইয়ে।

পুৱা ১১.৩০ বজাত চন্দন দাসৰ সভাপতিত্বত আৰম্ভ হয় বিশেষ সম্বৰ্ধনা অনুষ্ঠান। এই অনুষ্ঠানত সংবাদ শিৰোমণি সন্মান, শ্ৰেষ্ঠ বাতৰি পৰিৱেশক-পৰিৱেশিকা সন্মান, বৰ্ষশ্ৰেষ্ঠ যুৱ সাংবাদিক সন্মান, শ্ৰেষ্ঠ প্ৰডিউচাৰ সন্মান, আলোকচিত্ৰ সাংবাদিকতাৰ সন্মান কেবাগৰাকীও সাংবাদিকক প্ৰদান কৰা হ'ব।

বঁটা প্ৰাপকসকলৰ ভিতৰত আছে ৰাজদ্বীপ বাইলুং বৰুৱা, শোণিত কুমাৰ ভূঞা, অঞ্জুমণি বৰদলৈ, বনদ্বীপ গোস্বামী, অজয় শইকীয়া, অভিজিত গগৈ, সৌৰভ দুৱৰা আৰু জগদীশ ভঁৰালী। তদুপৰি শিশু আৰু মহিলা সৱলীকৰণৰ লগতে বন্যপ্ৰাণী আৰু পৰিৱেশ সংক্ৰান্তিয় সজাগতা বৃদ্ধিৰ বাবে কাম কৰা দুজনকৈ সাংবাদিককো সন্মানিত কৰাৰ কথা উদ্যোক্তাসকলে জানিবলৈ দিছে।

এই বিশেষ সম্বৰ্ধনাৰ অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে ৰাজ্যখনৰ বহুকেইগৰাকী বিশিষ্ট সাহিত্যিক, সংবাদমাধ্যমৰ সম্পাদক, সাংবাদিক আৰু দল-সংগঠনৰ নেতৃবৰ্গৰ লগতে বিশিষ্ট ব্যক্তিৰ উপৰি গুৱাহাটীকে ধৰি ৰাজ্যখনৰ বিভিন্ন স্থানত কৰ্মৰত চপা আৰু বৈদ্যুতিন মাধ্যমৰ বহুসংখ্যক জ্যেষ্ঠ আৰু যুৱ সাংবাদিকে অংশগ্ৰহণ কৰিছে।