অসম

শীঘ্ৰেই গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰী নিবাস বি ভি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শীঘ্ৰেই গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰী নিবাস বি ভি । অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নেত্ৰী ড০ অংকিতা দত্তই মানসিক নিৰ্যাতনৰ অভিযোগ তুলিছিল নেতাগৰাকীৰ বিৰুদ্ধে ।

এই সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছিল অংকৃতাই ৷ ৬৯২/২০২৩ নম্বৰত গোচৰ ৰুজু ৷

এই অভিযোগৰ ভিত্তিতে শেহতীয়াকৈ গুৱাহাটীৰ পৰা দুটাকৈ আৰক্ষীৰ দল ৰাওনা হৈছে কৰ্ণাটক আৰু দিল্লীলৈ । ADCP মৈত্ৰেয়ী ডেকাৰ নেতৃত্বত কৰ্ণাটকলৈ ৰাওনা হৈছে আৰক্ষীৰ দল ৷

উল্লেখ্য যে সমাগত কৰ্ণাটক বিধানসভা নিৰ্বাচন ৷ আৰু ৰাজ্যখনত যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ শক্তিশালী ভূমিকা আছে ৷ এনে সময়ত এগৰাকী যুৱ নেত্ৰীৰ অভিযোগে শলঠেকত পেলাব কংগ্ৰেছক ৷

ইতিমধ্যে এআইচিচিয়ে শনিবাৰে প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে অংকিতা দত্তক দলটোৰ পৰা প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰিছে ৷

নিৰ্বাচনৰ পূৰ্বেই দলৰ এইদৰে শ্ৰী নিবাসৰ বিৰুদ্ধে যুৱ নেত্ৰী অংকিতা দত্তই গুৰুত্বৰ অভিযোগ উত্থাপন কৰাৰ পিছতেই উত্তাল হৈছে দুয়োখন ৰাজ্যৰ ৰাজনীতি ৷