অসম

হেডফোন লগাই যুৱকৰ আত্মহ্ত্যা, গোলাঘাটত চাঞ্চল্য

asomiyapratidin

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট নগৰৰ তেতেলীস্থিত এৰিন টি প্ৰাইভেট লিমিটেড নামৰ চাহ প্ৰস্তুতকাৰী কলঘৰটোত যুৱক এজনৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কলঘৰটোৰ ডয়াৰ প্ৰকল্পটোত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহটো। যুৱকজনক প্ৰতিষ্ঠানটোৰ কৰ্মচৰাী ফৰকাটিঙৰ পলাশ শইকীয়া বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে, চিপ লৈ থকা অৱস্থাতো যুৱকজনৰ কাণত লাগি আছিল মোবাইলৰ হেডফোন। কাণত হেডফোন লগাই লৈ যুৱকজনে আত্মহত্যা কৰাৰ আঁৰত আন কোনো ঘটনা জড়িত হৈ আছে বুলিও প্ৰত্যক্ষদৰ্শীসকলে সন্দেহ ব্যক্ত কৰিছে।

ইফালে কলঘৰটোৰ আন কৰ্মচাৰীৰসকলে যুৱকজনে আত্মহত্যা কৰিছে বুলি মন্তব্য কৰৰিছে যদিও পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলিহে সন্দেহ প্ৰকাশ কৰিছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।