অসম

যোগী আদিত্য নাথৰ অসম ভ্ৰমণ পুনৰ বিবেচনাৰ আহ্বান নাথ যোগী ছাত্ৰ সন্থাৰ …

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰ: উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী তথা কট্টৰ হিন্দুত্ববাদী নেতা বুলি পৰিচিত যোগী আদিত্য নাথৰ অসম ভ্ৰমন পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাই । মঙলবাৰে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথলৈ ফেক্সযোগে এক পত্ৰ প্ৰেৰণ কৰি অসম ভ্ৰমনৰ কাৰ্যসূচী পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে ।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে কয় যে- ৰাজ্যৰ বিজেপি চৰকাৰে নাথ যোগী সকলক প্ৰতাৰণা কৰি আছে আৰু নাথ যোগী সম্প্ৰদায়ৰ পৰা একমাত্ৰ বিধায়ক কিশোৰ নাথকো প্ৰাৰ্থিত্ব প্ৰদান নকৰি ৰাজ্যিক বিজেপিয়ে জনগোষ্ঠীটোক প্ৰতাৰণা কৰিছে। অসম প্ৰদেশ বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ নচলাবলৈ অনুৰোধ জনাই অসম ভ্ৰমণ পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে ।