অসম

অসম যোগাসন চেম্পিয়নশ্বীপত উজ্বলিছে গুৱাহাটীৰ জেনিফা আহমেদ…

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ সমগ্ৰ দেশতে যোগ দিৱস অনুষ্ঠিত হৈ যোৱাৰ মাজতে গুৱাহাটীৰ বাবে এক সুখবৰ। ডিগবৈত তিনিচুকীয়া জিলা যোগ ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত ৪৪ সংখ্যক সদৌ অসম যোগাসন চেম্পিয়নশ্বীপত সোণৰ পদকেৰে উজ্বলি উঠিছে মহানগৰীৰ কাহিলীপাৰাৰ কনমাণি জেনিফা আফ্ৰীন আহমেদ।

অসম যোগ কুমাৰী ২০১৯ ৰ খিতাপ দখল কৰিছে পঞ্চম শ্ৰেণীৰ ছাত্ৰী জেনিফাই।কেবাগৰাকী প্ৰতিযোগীৰ মাজত এই সাফল্য কঢ়িয়াবলৈ সক্ষম হৈছে গুৱাহাটীৰ কাহিলীপাৰাৰ বাসিন্দা জ্ঞানিৰুদ্দীন আহমেদ আৰু আফ্ৰুজা আহমেদৰ কন্যা জেনিফাই।

উল্লেখ্য যে আৰোগ্য একাডেমীত যোগৰ প্ৰশিক্ষণ লৈ থকা জেনিফাই ইয়াৰ পূৰ্বেও ভিন্ন প্ৰতিযোগীতাত সাফল্য অৰ্জন কৰিছে।যিটো সমগ্ৰ দেশতে যোগৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰ ঘটিছে সেই সময়ত কনমাণিৰ এই সাফল্যত এতিয়া আনন্দিত অঞ্চলবাসী।