অসম

ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱসৰ আয়োজন

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ বিগত চাৰিটা বৰ্ষৰ দৰে এইবেলিও ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত পঞ্চম বাৰ্ষিক আন্তৰ্জাতিক যোগ দিৱসটি পালনৰ বাবে আয়োজন কৰা হৈছে। এই সন্দৰ্ভত শুকুৰবাৰে ওদালগুৰি জিলা উপায়ুক্তৰ আহ্বানমৰ্মে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হৈ যায়।

সভাখনত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ লগতে আৰক্ষী, সেনা, বিভিন্ন ক্লাবৰ সদস্য আৰু স্থানীয় সাংবাদিক সকল উপস্থিত থাকে। জিলা উপায়ুক্ত দিলীপ কুমাৰ দাসে সম্বোধন কৰা সভাখনত এইবেলি যোগ দিৱস কেন্দ্ৰীয়, মহকুমা, ব্লক আৰু চাৰ্কোল পৰ্যায়ত অনুস্থিত কৰাৰ বাবে বিভাগসমূহক দ্বায়িত্ব প্ৰদান কৰে। জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে জিলা উপায়ুক্ত কাৰ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত আন্তৰ্জাতিক যোগ দিৱসটি আয়োজন কৰাৰ উপৰিও ভেৰগাওঁ মহকুমাৰ লগতে বিভিন্ন চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত কৰাৰ কথা সাংবাদিকক জানিবলৈ দিয়ে।

দিৱসটি পালনৰ বাবে বিশেষকৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগ, ক্ৰীড়া আৰু যুৱকল্যান বিভাগ, গড়কাপ্তানি বিভাগ, শিক্ষা বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, সমাজ কল্যাণ বিভাগ, গৃহ বিভাগ, পৰিবহন বিভাগৰ লগতে আন কেইবাটাও বিভাগক দ্বায়িত্ব অৰ্পন কৰা হৈছে। দিৱসটিৰ সৈতে সংগতি ৰাখি বিভিন্ন বিভাগৰ কৰ্মচাৰী আৰু বিষয়াসকলক শনিবাৰৰে পৰা যোগ দিৱসৰ দিনটোলৈ যোগ প্ৰশিক্ষণৰ ব্যৱস্থাও কৰা হৈছে। ২১ জুন তাৰিখে হবলগীয়া উক্ত দিৱসত সমূহ ৰাইজকে উপস্থিত থাকিবলৈ আহ্বান জনাইছে ওদালগুৰি জিলা প্ৰশাসনে।