অসম

পশ্চিম বংগত গ্ৰাম্য উদ্যোগীকৰণ আৰু ডিজিটেল সৱলীকৰণ মহোৎসৱৰ আয়োজন...

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ দেশৰ অগ্ৰনী সংস্থা ডিজিটেল এম্পাৱাৰমেণ্ট ফাউণ্ডেশ্যনে বিগত ২২ বছৰ ধৰি ভাৰতৰ বিভিন্ন গ্ৰাম্য অঞ্চলত ডিজিটেল সৱলীকৰণৰ দিশত কাম কৰাৰ লগতে ২৬খন ৰাজ্যৰ ২৫০খন জিলাৰ প্ৰায় ৫০ হাজাৰ পঞ্চায়তত ২০০০টা তথ্য উদ্যোগী কেন্দ্ৰৰ জৰিয়তে ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে সমাজৰ সকলো শ্ৰেণীক অধিকাৰ প্ৰদানৰ দিশত কাম কৰি আহিছে।

এনে পৰিপ্ৰেক্ষিতত পশ্চিম বংগৰ বিবেকানন্দ সেৱা কেন্দ্ৰ আৰু শিশু উদ্যান (VSSU)ত অহা ২ আৰু ৩ মাৰ্চত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব ‘গ্ৰাম্য উদ্যোগীকৰণ আৰু ডিজিটেল সৱলীকৰণ মহোৎসৱ’ (REEF)’। এই মহোৎসৱৰ উদ্দেশ্য হৈছে ভাৰতৰ গ্ৰাম্য অঞ্চলৰ ডিজিটেল উদ্ভাৱন আৰু উদ্যোগীকৰণক প্ৰসাৰণ কৰা।

এই উৎসৱত সমগ্ৰ দেশৰ পৰা অহা সকলো তথ্য উদ্যোগীক এক ইতিবাচক পৰিৱেশত একত্ৰিত কৰি ভাৰতৰ গ্ৰাম্য অঞ্চলৰ কন্ঠ সমূহ বহিৰ্ভুত হোৱাত এক মঞ্চ প্ৰদান কৰিব। উক্ত অনুষ্ঠানত অসমৰ শতাধিক উদ্যমী মহিলাৰ অংশগ্ৰহণ কৰিব।

উক্ত অনুষ্ঠানত সংস্থাটোৱে ইনফ’প্ৰেনিউৰ বঁটা প্ৰদান অনুষ্ঠান, ডিজিটেল আৰ্টিষ্ট বঁটা প্ৰদান অনুষ্ঠান, দেশৰ বিভিন্ন প্ৰান্তৰ গ্ৰাম্য ডিজিটেল উদ্ভাৱনৰ প্ৰদৰ্শনী, কলা কাৰিগাৰী হাট, আৰু ডিজিটেল প্ৰতিভা, উদ্যোগীকৰণৰ উৎকৰ্ষতা আৰু সমাজৰ প্ৰগতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কৰ্মশালা আৰু আলোচনাৰ জৰিয়তে সমৃদ্ধিৰে ভৰা পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্য লৈছে।