অসম

বাক্সাৰ শালবাৰীত বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন

asomiyapratidin

ডিজিটেল সংবাদ, শালবাৰীঃ ৰাজ্যৰ তথা দেশৰ অন্যান্য প্ৰান্তৰ লগতে বাক্সা জিলাটো সোমবাৰে বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন কৰা হয়৷ বাক্সা জিলাৰ অসম সৰ্বশিক্ষা অভিযান মিছনৰ জালাহ খণ্ডৰ উদ্যোগত আৰু দক্ষিণ শিমলা প্ৰাথমিক বিদ্যালয়ৰ সহযোগত সোমবাৰে জিলাখনৰ শালবাৰীৰ শিমলাত দিনজোৰা কাৰ্যসূচীৰে বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন কৰা হয়৷.

এই দিৱস উপলক্ষে পুৱা দক্ষিণ শিমলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ফুলেশ্বৰী দাসে পতাকা উত্তোলন কৰে৷ পতাকা উত্তোলনৰ পাছত জালাহ প্ৰাথমিক শিক্ষা খণ্ডৰ খণ্ড বিষয়া সৰোজ মহিলাৰীয়ে বিশেষ ভাৱে সক্ষম শিশুৰ জৰিয়তে উলিওৱা সজাগতা সমদলটি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে৷

বিশেষ ভাৱে সক্ষম শিশু সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা,স্মৃতি পৰীক্ষা, সংগীত প্ৰতিযোগিতা আদিও অনুষ্ঠিত হয়। তাৰ পিছতেই অনুষ্ঠিত হয় মুকলি সভা৷ অমৃত বড়োৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অসম সৰ্বশিক্ষা অভিযান মিছনৰ বাক্সা জিলা কাৰ্যসূচী বিষয়া (শিক্ষক প্ৰশিক্ষণ) সীতাংগ ডেকা, জিলা কাৰ্যসূচী বিষয়া মহেন্দ্ৰ বড়ো, জালাহ প্ৰাথমিক শিক্ষা খণ্ডৰ খণ্ড বিষয়া সৰোজ মহিলাৰী, নীতি আয়োগ-পিৰামল ফাউণ্ডেচনৰ প্ৰতিনিধি ৰাজীৱ স্বৰ্গীয়াৰী, ভূদেৱ গোস্বামী, জালাহ শিক্ষাখণ্ডৰ অন্তৰ্গত বিদ্যালয়সমূহৰ বহুকেইগৰাকী চিআৰচিচি আদি কৰি কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাগ লয়৷

উল্লেখ্য যে, প্ৰতিবন্ধী দিৱস উপলক্ষে অনুষ্ঠিত কৰা ভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সমূহ প্ৰতিবন্ধী প্ৰতিযোগী সকলকো এই অনুষ্ঠানত উদগনিমূলক বঁটা প্ৰদান কৰা হয়৷