অসম

দৰঙত আন্তৰ্জাতি দিব্যাংগ দিৱস পালন…

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ আন্তৰ্জাতিক দিব্যাংগ দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে মঙলদৈৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত অতিৰিক্ত উপায়ুক্ত বিজয় ভাস্কৰ ৰেড্ডিৰ সঞ্চালনাত এখন সভা অনুষ্ঠিত কৰা হয়। বিদ্যালয়সমূহৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক জোৱাহিৰা তাবাচুম, জিলা তথ্য আৰু জনসংযোগ বিষয়া মণিমালা গগৈকে প্ৰমুখ্য কৰি সৰ্বশিক্ষা অভিযান, দৰঙৰ কেবাজনো বিষয়া আৰু শিক্ষক-কৰ্মচাৰী উপস্থিত থাকে সভাখনত।

এই সভাত অসম চৰকাৰৰ নিৰ্দেশনামতে ২০১৯-২০ বৰ্ষৰ হাই মাদ্ৰাছা পৰীক্ষাৰ দিব্যাংগসকলৰ ভিতৰত সৰ্ব্বোচ্চ নম্বৰ পোৱা মুৰুৱাচকী হাইমাদ্ৰাছাৰ ছাত্ৰ ইনজামুল হকক এটা স্মাৰ্ট টি ভি, এখন প্ৰমাণপত্ৰ সহ 'প্ৰেৰণা বঁটা' প্ৰদান কৰা হয়। সেইদৰে দিব্যাংগ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰা বালাবাৰী হাইমাদ্ৰাছাৰ এজন জ্যেষ্ঠ সহকাৰী শিক্ষক নুৰ ইছলাম হক চৌধুৰীক এটি স্মাৰক আৰু মানপত্ৰৰে 'প্ৰেৰণা বঁটা' প্ৰদান কৰা হয়।