অসম

শালবাৰীত ৩ দিনীয়া কাৰ্যসূচীৰে বিশ্ব ব্ৰেইলী দিৱস উদযাপন

asomiyapratidin

ডিজিটেল সংবাদ, শালবাৰীঃ সৰ্বশিক্ষা অভিযান মিছন বাক্সা জিলাৰ জালাহ শিক্ষাখণ্ডৰ উদ্যোগত শালবাৰী মহকুমাৰ সুকীয়া সুকীয়া তিনিখন ঠাইত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্ব ব্ৰেইলী দিৱস উদযাপন কৰা হয়৷ যোৱা ২ জানুৱাৰীৰ পৰা ৪ জানুৱাৰীলৈ উদযাপন কৰা ব্ৰেইলী দিৱসৰ শেষৰদিনৰ কাৰ্যসূচীনুসৰি গাতি কনকলতা মধ্য ইংৰাজী বিদ্যালয়ত শনিবাৰে পুৱা পতাকা উত্তোলন কৰে জালাহ শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক বিষয়া মিলন দাসে৷

ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰী,অভিভাৱক সমন্বিতে ৰাইজৰ সহযোগিতাৰে উলিওৱা হয় এক বৰ্ণাঢ্য শোভাযাত্ৰা৷ কনকলতা মধ্য ইংৰাজী বিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰত ৰঙা ফিটা কাটি শোভাযাত্ৰাটো উদ্বোধন কৰে বাক্সা জিলা সাহিত্য সভাৰ প্ৰাক্তন প্ৰকাশন সচিব,জ্যেষ্ঠ কবি তথা স্থানীয় সৰুগাতি গাওঁৰ সমাজকৰ্মী প্ৰদীপ কুমাৰ ডেকাই৷

শোভাযাত্ৰাৰ সামৰণিৰ পিছতেই দিব্যাংগ ছাত্ৰ-ছাত্ৰী তথা যিকোনো বয়সৰ দিব্যাংগ লোকৰ বাবে অনুষ্ঠিত কৰা হয় কবিতা আবৃত্তি,সংগীত প্ৰতিযোগিতা আৰু স্মৃতি পৰীক্ষা৷ অনুষ্ঠানটি সঞ্চালনা কৰে আনন্দ বজাৰ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক টংকেশ্বৰ পাঠকে৷দুপৰীয়া অনুষ্ঠিত হয় মুকলি সভা৷ জালাহ শিক্ষাখণ্ডৰ আই ই বিভাগৰ বিষয়া ভূদেৱ গোস্বামীয়ে উদ্দেশ্য ব্যাখ্যা কৰা আৰু শালবাৰী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক প্ৰাণজিৎ কলিতাই আঁত ধৰা মুকলি সভাখনত সভাপতিত্ব কৰে জালাহ শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মিলন দাসে৷

সভাত সুদুৰ তামিলনাডুৰ পৰা অহা নীতি আয়োগৰ সুগন্থন,সাহিত্যকৰ্মী প্ৰদীপ কুমাৰ ডেকা, কনকলতা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক কামদেৱ দাস,প্ৰদীপ দাস আদি উপস্থিত থাকি ভাষণ আগবঢ়ায়৷সভাৰ মাজতে বঁটা বিতৰণ কাৰ্যসূচীও সমাপন কৰা হয়৷উল্লেখ্য যে, বিশ্ব ব্ৰেইলী দিৱসৰ লগত সংগতি ৰাখি ২ আৰু ৩ জানুৱাৰীত ক্ৰমে শিমলা আৰু গোৱৰ্দ্ধনাতো ভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷