অসম

‘কা’ৰ বিৰুদ্ধে ১৯ জানুৱাৰীত মহানগৰীত গৰ্জন তুলিব ‘নাৰীকণ্ঠ’ই…

asomiyapratidin

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে। ভোগালী বিহুৰ উছাহৰ মাজতো জাতীয় দল-সংগঠন আৰু ছাত্ৰ সংগঠনৰ উপৰিও শিল্পী সমাজ, সাধাৰণ নাগৰিকে অব্যাহত ৰাখিছে 'কা' বিৰোধী প্ৰতিবাদ। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত এই প্ৰতিবাদ অব্যাহত থাকিব বুলিও দল-সংগঠনসমূহে চৰকাৰক সকিয়নী প্ৰদান কৰিছে।

ইফালে 'কা' বিৰুদ্ধে এইবাৰ ৰাজপথলৈ ওলাই আহিছে নাৰী শক্তি। ঐক্যবদ্ধ মহিলা সমাজৰ উদ্যোগত অহা ১৯ জানুৱাৰী, ২০২০ অৰ্থাৎ দেওবাৰে হাজাৰোধিক মহিলাই 'কা'ৰ বিৰুদ্ধে মহানগৰীৰ ৰাজপথত বিক্ষোভ প্ৰদৰ্শন কৰিব। দিনৰ ১১ বজাত লতাশিলৰ পৰা চানমাৰিলৈ মহিলাসকলে 'নাৰীকণ্ঠ' শীৰ্ষক এক প্ৰতিবাদী সমদল বাহিৰ কৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব। এই প্ৰতিবাদী কাৰ্যসূচীত সচেতন মহিলাসকলৰ সহযোগ আহ্বান কৰিছে ঐক্যবদ্ধ মহিলা সমাজে।