অসম

মহিলা শক্তি হৈছে মহাশক্তি : সৰ্বানন্দ সোণোৱাল

asomiyapratidin

ডিজিটেল ডেস্ক : মঙলবাৰে আন্তৰ্জাতিক নাৰী দিৱস । আন্তৰ্জাতিক নাৰী দিৱসৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মহিলা শক্তিক মহাশক্তি বুলি মন্তব্য কৰাৰ লগতে নৰী সবলীকৰণৰ যোগেৰে অসমক উন্নয়নৰ শিখৰত উপনীত কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে । টুইটাৰ যোগে এই মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

মুখ্যমন্ত্ৰী গৰাকীয়ে টুইটত লিখে যে, "মহিলা শক্তি হৈছে মহাশক্তি। আমাৰ সভ্যতা-সংস্কৃতিৰ এই চালিকাশক্তিয়ে সমাজ, ৰাজ্য তথা ৰাষ্ট্ৰক শক্তিশালী কৰি আহিছে। আজি 'আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস'ত মহিলা শক্তিৰ অধিক সবলীকৰণেৰে অসমক উন্নয়নৰ আন এক শিখৰত উপনীত কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হওঁ আহক।"