অসম

১১ দিনে সন্ধানহীন জাজৰিৰ মহিলা কাবেৰী দাস

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত বগৰিগুৰিৰ নিবাসী সঞ্জীৱ বৰদলৈৰ পত্নী কাবেৰী দাস বৰদলৈ বুধবাৰৰ লৈকে ১১ দিন ধৰি নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে যোৱা ১১ আগষ্টত কাবেৰী দাস পুৱা নগাঁৱৰে ধিং মহাবিদ্যালয়ত এটা সাক্ষাৎকাৰ দিবৰ বাবে পুৱা ৬ বজাতে ঘৰৰ পৰা ওলায় যায় যদিও ঘৰলৈ ঘূৰি নাহে।

সন্ধিয়া পৰ্যন্ত ঘৰলৈ নহাত স্বামী সঞ্জীৱ বৰদলৈয়ে ফোনযোগে যোগাযোগ কৰিবলৈ চেষ্টা কৰে যদিও মোবাইল ফোনৰ যোগাযোগ বন্ধ পায়। তাৰ পিছত বিভিন্ন পৰিয়ালৰ লগত তথা আত্মীয়ৰ লগত যোগাযোগ কৰিও কোনো খবৰ নাপাই ধিং আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।

পৰিয়ালৰ লোকে মহিলা গৰাকীক কোনো লোকে অপহৰণ কৰাৰ সন্দেহ কৰিছে আৰু বাতৰি লিখা পৰলৈকে ধিং আৰক্ষীয়েও কোনো শুং সূত্র উলিয়াব পৰা নাই। মহিলা গৰাকীৰ দুটি সন্তানক লৈ পৰিয়ালটি বিমোৰত পৰিছে।