অসম

সুৰাপায়ীয়েই ভৰসাঃ ৰাজহ ঘাটি পুৰাবলৈ পুনৰ বৃদ্ধি সুৰাৰ মূল্য…

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাজ্যত সৃষ্টি হোৱা বিত্তীয় দুৰৱস্থাৰ পৰা ৰক্ষা কৰিব লাগিব এতিয়া সুৰাপায়ীসকলে। ৰাজ্যৰ অৰ্থনীতি দাঙি ধৰাৰ গুৰু দায়িত্ব বহন কৰিব লাগিব সুৰাপায়ীয়ে। কিয়নো ৰাজ্যত সৃষ্টি হোৱা বিত্তীয় দুৰৱস্থাৰ জোৰা মাৰিবলৈ হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰে সুৰাৰ মূল্য পুনৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইতিমধ্যে ৰজ্য চৰকাৰে ৰাজপত্ৰিত অধিসূচনা জাৰি কৰিছে। এই অধিসূচনা অনুসৰি আগন্তুক ১০ ডিচেম্বৰৰ পৰা বিলাতী সুৰাৰ মূল্য ১৫ শতাংশ বৃদ্ধি পাব। চৰকাৰে বিত্তীয় পৰিস্থিতৰ সৈতে মোকাবিলা কৰিবলৈ পূৰ্বে সহজ পন্থা হিচাপে সুৰাৰ মূল্য বৃদ্ধি কৰাৰ দৰেই এইবাৰো ভাৰতত উৎপাদন কৰা বিলাতী সুৰাৰ মূল্য ১৫ শতাংশ বৃদ্ধি কৰিছে। অৱশ্যে বীয়েৰ-ৱাইনৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰা হোৱা নাই।