অসম

কামপুৰত ভোটগ্ৰহণ কেন্দ্ৰ হ’লগৈ বাৰ! নিৰ্বাচনত নিয়োজিত বিষয়া বহিল পাৰ্টীত, চাওঁক ভিডিঅ’

asomiyapratidin

ডিজিটেল সংবাদ, কামপুৰঃ ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ ৫ ডিচেম্বৰত অনুষ্ঠিত হৈছিল ১৬ খন জিলা আৰু ১১টা মহকুমাত৷ ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ কালিয়ে অন্ত পৰিল৷ কামপুৰৰ বকুলগুৰিৰ চিমলাই পথাৰ প্ৰাথমিক বিদ্যালয়তো অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ৷ একপ্ৰকাৰ সুকলমে অনুষ্ঠিত হ'ল ভোটগ্ৰহণ পৰ্ব৷

আজি পুৱা বিদ্যালয়ত আহি উপস্থিত হ'লহি শিক্ষক তথা ছাত্ৰ-ছাত্ৰীসকল৷ শ্ৰেণীকোঠাত সোমাইয়েই অবাক মানিলে প্ৰধান শিক্ষকে৷ ছাত্ৰ-ছাত্ৰীৰ আগত লাজো পালে হেড ছাৰে৷ আনদিনা কিতাপ-বহি, চক্-পেঞ্চিল আৰু দাস্তাৰ, হাজিৰাবহী থকা টেবুলখনত নিৰ্বাচনী কৰ্ম শেষ কৰি চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে এৰি থৈ গৈছে তিনিটাকৈ খালী মদৰ বটল৷ বিদ্যালয়ৰ শ্ৰেণীকোঠা নহয় যেন বিয়েৰ বাৰৰহে টেবুল৷ মদ্যপান কৰি বিয়েৰ বাৰৰ পৰা গ্ৰাহক উঠি যোৱাৰ দৰে বিদ্যালয় শ্ৰেণীকোঠাত ভোট গ্ৰহণৰ অন্তত মদে-ভাতে খাই নিৰ্বাচনত নিয়োজিত বিষয়াসকল ঘৰাঘৰি হ'ল৷ শ্ৰেণী কোঠাতে পেলাই থৈ গ'ল খোৱাৰ ডিস্পজেবুল থালি-গিলাছ৷

ইম্প'ৰিয়েল ব্লুৰ এটা হাফ, ৰ'য়েল ষ্টেগৰ এটা কোৱাৰ্টাৰ আৰু ডি এছ ব্লেকৰ খালী কোৱাৰ্টাৰ বটলকেইটা সাক্ষী হৈ ৰ'ল নিশাৰ বিদ্যালয়ত কি চলিছিল৷ চাওক সেই দৃশ্য-

নিৰ্বাচনত নিয়োজিত বিষয়া-কৰ্মচাৰীৰ এনে কাণ্ড দেখি মুৰে-কপালে হাত দিলে শিক্ষকে৷ বৰ আটোম টোকাৰিকৈ বিদ্যালয়খন ৰখাই হেনো তেওঁলোকে৷ সেইখন বিদ্যালয়ৰ শ্ৰেণী কোঠাত এনে দৃশ্য দেখিব বুলি ভৱা নাছিল কদাপি৷ কণ কণ ছাত্ৰ-ছাত্ৰীহঁতেও বুজি পালে কি কৰিছিল নিশা নিৰ্বাচনৰ কৰ্তব্যত অহা বিষয়াসকলে৷ এজনে আনজনক খালী বটলবোৰ দেখুৱাই ক'লে- কালি ভোট আছিল নহয়, ৰাতি পাৰ্টী কৰিছিল আমাৰ ক্লাছত৷

ভোট গ্ৰহণৰ বাবে অহা বিষয়া-কৰ্মচাৰীসকলে চিখৰ-বিমল খায়ো এৰি থৈ গৈছে তাৰ চিন চাব৷ বিদ্যালয়ৰ শিক্ষকে গৈ গাঁওবুঢ়াক মাতি আনি দেখুৱালে- চাওঁকচোন কি কৰি থৈ গ'ল তেওঁলোকে…৷

দেশত হেনো চলি আছে স্বচ্ছ ভাৰত অভিযান৷ সেই অভিযানৰ অংশীদাৰ হৈছে চৰকাৰী বিষয়া-কৰ্মচাৰী৷ স্বচ্ছ ভাৰতৰ অংগীকাৰ কৰা এইসকল বিষয়া-কৰ্মচাৰীৰ স্বৰূপ দেখি লজ্জিত হৈছে শিক্ষক, ছাত্ৰ-ছাত্ৰী৷ ভোটগ্ৰহণ স্থলীত নিষিদ্ধ কৰা আছিল সুৰাৰ লগতে আন মাদক দ্ৰব্যৰ সেৱন৷ ৰাজ্য চৰকাৰে ভোট গ্ৰহণৰ বাবে ৪৮ ঘন্টা ঘোষণা কৰিছিল ড্ৰাই ডে'৷ বুধবাৰৰ ৩ বজালৈকে বন্ধ আছিল সুৰাৰ বিপনী৷ তেনে পৰিস্থিতিত ভোটগ্ৰহণ কেন্দ্ৰত ক'ৰ পৰা আহিল সুৰাৰ বটল?

ভোট গ্ৰহণৰ অন্তত নিৰ্বাচনৰ কামত নিয়োজিত এই বিষয়াসকলক কোনে যোগান ধৰিলে সুৰা? কোনো পক্ষই তেওঁলোকৰ হৈ কাম কৰাৰ বাবে এইদৰে টিপছ দিলে নেকি এই বিষয়া কেইজনক৷ এই প্ৰশ্নও এতিয়া উত্থাপিত হৈছে৷ যি সময়ত সুৰা সেৱন কৰি কৰ্তব্য সম্পাদন কৰাৰ বাবে শিৱসাগৰত প্ৰিজাইডিং বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছিল তেনে স্থলত ভোট গ্ৰহণ কেন্দ্ৰতে সুৰাৰ পাৰ্টীৰে ভোজ-ভাত খোৱা এইকেইজন বিষয়াৰ বিৰুদ্ধে ৰাজ্যিক নিৰ্বাচন আয়োগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াও লক্ষণীয় হৈ পৰিছে৷ ৰাইজে বিচাৰিছে অচিৰেই গ্ৰেপ্তাৰ কৰক এওঁলোকক৷